• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে সকলো নাগৰিক সমাজ আৰু গণতান্ত্ৰিক ব‍্যক্তি ঐক‍্যবদ্ধ হওক- বৃহত্তৰ গুৱাহাটী সন্মিলিত নাগৰিক অভিবৰ্তনৰ বিবৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 5:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰিস্থিতি অস্থিৰ। চৰকাৰী মইমতালিয়ে যেন এতিয়া সকলো সীমা পাৰ কৰিছে। নিকৰুণ আৰ্থিক দুৰ্যোগ, ক্ৰমাগত মূল্য বৃদ্ধি, জীৱিকাৰ আকাল‌ আৰু অনিশ্চয়তা‌ আৰু নিত্য নতুন কৰ-কাটলৰ‌ যোগেদি এই চৰকাৰে জনগণৰ ওপৰত অতি দুৰ্বিসহ আৰ্থিক দুৰ্যোগ জাপি দিছে। তেওঁলোকে আনকি সংবিধান প্ৰদত্ত প্ৰতিবাদো নিষিদ্ধ কৰাৰ উপক্ৰম কৰিছে।ৰাইজো কিন্তু নিমাত, নিস্তব্ধ আৰু ক্ষান্ত হৈ থকা নাই। য’তেই সম্ভৱ চৰকাৰৰ স্বৈৰাচাৰিতাৰ  বিৰুদ্ধে আন্দোলন, প্ৰতিবাদ কৰিছে।কিন্তু বিজেপিক  ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিলে ৰাইজে এই দুৰ্ভোগ ভুগি থাকিব লাগিব।পৰিস্থিতি আৰু শোচনীয়হে হ’ব। বিজেপি-আৰ এচ এচ ক্ষমতাত আছে বুলিয়ে আজি ৰাষ্ট্ৰ যন্ত্ৰ আৰু প্ৰচাৰ মাধ‍্যম তেওঁলোকৰ নিয়ন্ত্ৰণত।তেওঁলোকৰ টকা-পইছাৰো কোনো অভাৱ নাই।

এনে এটা পৰিস্থিতিত,  ২০২৬-ৰ বিধানসভাৰ নিৰ্বাচনত নাগৰিক সমাজৰ ভূমিকা কি হ’ব? প্ৰথম চৰ্তটো হৈছে বিজেপিৰ বিৰুদ্ধে এটা দৃঢ় আৰু শক্তিশালী বিৰোধী ঐক‍্যমঞ্চ।এই কথাটো বিৰোধী ৰাজনৈতিক দলবোৰে উপলব্ধি কৰিব লাগিব। তাৰ কাৰণে নাগৰিক সমাজৰ পৰা আমি ছজনীয়া  গোট এটাই কেইবামাহৰ পৰা এটা প্ৰচেষ্টা হাতত লৈ আহিছোঁ। বহু বাধা-বিঘিনি আৰু প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱা সত্ত্বেও প্ৰচেষ্টাটো সম্প্ৰতি  ইতিবাচক দিশত আগবাঢ়িছে।

কিন্তু নাগৰিক সমাজ আৰু সচেতন ব‍্যক্তিসকলে ২০২৬-ৰ বিধানসভা নিৰ্বাচনত কি ভূমিকা ল’ব – সেইটোও সমানে গুৰুত্বপূৰ্ণ। এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথা হৈছে সকলো সংকীৰ্ণতা বাদ দি  গণতন্ত্ৰ, সাংবিধানিক প্ৰমূল‍্য আৰু অসমৰ স্বাৰ্থত সকলো নাগৰিক সমাজ একেখন মঞ্চত ঐক‍্যবদ্ধ হোৱাটো।সকলো গণতান্ত্ৰিক ব‍্যক্তি, সামাজিক গোট আৰু বিৰোধী ৰাজনৈতিক দল একলগ নহ’লে, ২০২৬-ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাটো অসম্ভৱ। সেয়েহে, দুহেজাৰ ছাব্বিছৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আগেয়ে, অসমৰ  সকলো সামাজিক অনুষ্ঠান আৰু নাগৰিক সমাজক ঐক‍্যবদ্ধ কৰাৰ উদ্দেশ‍্যে অহা ৫ আৰু ৬ জুলাইত গুৱাহাটীত এখন ৰাজ‍্যভিত্তিক   ‘সন্মিলিত নাগৰিক অভিবৰ্তন’ৰ আয়োজন কৰা হৈছে। এই সন্মিলিত নাগৰিক অভিবৰ্তনত বিজেপিৰ দহ বছৰীয়া শাসনৰ ব‍্যৰ্থতাৰ বিষয়ে আমি এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছোঁ।তাৰ বিকল্প হিচাপে অসমৰ ৰাইজৰ মৌলিক সমস‍্যাবোৰৰ ভিত্তিত আমি এখন উমৈহতীয়া দাবী চনদো প্ৰস্তুত কৰি  আছোঁ। সন্মিলিত নাগৰিক অভিবৰ্তনৰ আগদিনাৰ বিষয় বাছনি সভাত শ্বেতপত্ৰ আৰু দাবী চনদক চূড়ান্ত ৰূপ দিয়া হ’ব। ইয়াৰ উপৰি সকলো নাগৰিক সমাজ আৰু সংগঠনক ঐক‍্যবদ্ধ কৰি ২০২৬-ৰ নিৰ্বাচনত  কি কাৰ্যসূচীৰ ভিত্তিত কেনেদৰে আমি এক সক্ৰিয় ভূমিকা পালন কৰিম সেইবোৰো নাগৰিক অভিবৰ্তনত আলোচনা কৰা হ’ব।

এখন উমৈহতীয়া দাবী চনদ আৰু এখন কাৰ্যসূচী প্ৰস্তুত কৰি ঐক‍্যবদ্ধ আৰু সুসমন্বিতভাৱে আমি কেনেকৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ তাৰ ৰূপৰেখা প্ৰস্তুত কৰাটোৱে  হ’ব সন্মিলিত নাগৰিক অভিবৰ্তনৰ মূল লক্ষ‍্য আৰু উদ্দেশ‍্য।আকৌ উল্লেখ কৰিছোঁ- ১) সকলো ধৰণৰ সংকীৰ্ণতাৰ পৰা মুক্ত হৈ অসমৰ  সকলো গণতান্ত্ৰিক ব‍্যক্তি আৰু নাগৰিক সমাজক লৈ এক সন্মিলিত নাগৰিক অভিবৰ্তন অনুষ্ঠিত কৰা, য’ত আমি এখন সন্মিলিত নাগৰিক মঞ্চৰ জন্ম দিব পাৰোঁ যি মঞ্চই ২০২৬-ৰ বিধানসভা নিৰ্বাচনত গণতন্ত্ৰ, সাংবিধানিক মূল‍্যবোধ, অসমৰ সকলো অংশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, ২) বিজেপিৰ ব‍্যৰ্থতা আৰু কুকাৰ্যৰ বিষয়ে  এখন শ্বেতপত্ৰ প্ৰস্তুত কৰা ,৩) অসমৰ মৌলিক সমস‍্যাবোৰ  সন্নিৱিষ্ট কৰি এখন দাবী চনদ প্ৰস্তুত কৰা আৰু ৪) ২০২৬ -ৰ বিধানসভা নিৰ্বাচনত আমি জনসাধাৰণৰ মাজত কেনেকৈ প্ৰচাৰ অভিযান চলাম তাৰ বাবে  এখন সুচিন্তিত কৰ্ম আঁচনি প্ৰস্তত কৰা। ঠিক একেই উদ্দেশ‍্য আৰু লক্ষ‍্যৰে অহা ১৩ জুনৰ দিনা বৃহত্তৰ গুৱাহাটীৰ বাবে এখন নাগৰিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে। তাত বৃহত্তৰ গুৱাহাটীৰ বিভিন্ন নাগৰিক সমাজৰ প্ৰায় ২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা। বৃহত্তৰ গুৱাহাটী সন্মিলিত নাগৰিক অভিবৰ্তন সফল কৰি তুলিবলৈ আমি জনসাধাৰণৰ সকলো অংশলৈ গোহাৰি জনালোঁ।

হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd