ভাৰত বিশ্বৰ সৰ্ববৃহৎ হুইস্কি গ্ৰাহক, বিশ্বৰ প্ৰায় অৰ্ধেক হুইস্কি ভাৰতীয় লোকে গ্ৰহণ কৰে। কিন্তু ভাৰতত আটাইতকৈ বেছিকৈ বিক্ৰী হোৱা হুইস্কীসমূহ কি জানেনে?
ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীসমূহ কি কি জানো আহক
১. মেকড’ৱেলছ নং ১
২০২৩ চনত ভাৰতত ৩১.৪ মিলিয়ন কেছ মেকড’ৱেলছ নং ১ হুইস্কী বিক্ৰী হৈছিল। ভাৰতীয় শস্যৰ স্পিৰিট আৰু আমদানিকৃত স্কচ মল্টৰ মিশ্ৰণ। মসৃণ সোৱাদ, কেৰামেল, ভেনিলা আৰু মছলাৰ সোৱাদৰ বাবে জনপ্ৰিয়।
২. ৰয়েল ষ্টেগ
ভাৰতত ২০২২ চনত ২৭.১ মিলিয়ন কেছ ৰয়েল ষ্টেগ হুইস্কী বিক্ৰী হৈছিল। মসৃণ স্পিৰিট আৰু সুষম সোৱাদৰ বাবে এই হুইস্কী জনপ্ৰিয়।
৩. অফিচাৰছ চয়ছ
২০২৩ চনত এই হুইস্কী ২৩.৪ মিলিয়ন কেছ বিক্ৰী হৈছিল। সাধ্যৰ ভিতৰত আৰু মসৃণ সোৱাদৰ এই মিশ্ৰিত হুইস্কি বহুল জনপ্ৰিয়।
৪. ইম্পেৰিয়েল ব্লু
২০২৩ চনত ২২.৮ মিলিয়ন কেছ বিক্ৰী হৈছিল।
“মেন উইল বি মেন” শীৰ্ষক প্ৰচাৰৰ বাবে এই হুইস্কী। বিখ্যাত। ভাৰতীয় শস্যৰ স্পিৰিট আৰু স্কচ মল্টৰ মিশ্ৰণৰ বাবে যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়।
৫. ব্লেণ্ডাৰ্ছ প্ৰাইড
-২০২২ চনত ৯.৫ মিলিয়ন কেছ বিক্ৰী হৈছিল।
ই প্ৰিমিয়াম মিশ্ৰিত হুইস্কি। কেৰামেল, মছলা আৰু ওকৰ সোৱাদৰ বাবে নগৰীয়া গ্ৰাহকৰ মাজত জনপ্ৰিয়।
৬. ৮ পি এম
২০২৩ চনত ১২.২ মিলিয়ন কেছ বিক্ৰী গৈছিল।
সহজ আৰু মসৃণ সোৱাদৰ এই মিশ্ৰিত হুইস্কি সামাজিক অনুষ্ঠানৰ বাবে জনপ্ৰিয়।
৭. ডিৰেক্টৰছ স্পেচিয়েল
২০২৩ চনত ৩.৩ মিলিয়ন কেছ বিক্ৰী গৈছিল।
গুৰৰ ভিত্তিত তৈয়াৰী হুইস্কি, মিঠা আৰু মছলাদাৰ সোৱাদৰ বাবে জনপ্ৰিয় যদিও শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত কিছু আইনী বিবাদৰ সন্মুখীন।
৮. ৰয়েল চেলেঞ্জ
২০২২ চনত ৯ মিলিয়ন কেছ বিক্ৰী গৈছিল। ভাৰতীয় মল্ট আৰু স্কচৰ মিশ্ৰণ, সোৱাদৰ বাবে প্ৰিমিয়াম শ্ৰেণীত জনপ্ৰিয়।
৯. চিগনেচাৰ
এই হুইস্কী ২০২৩ চনত ২.৯ মিলিয়ন কেছ বিক্ৰী হৈছিল। ফল আৰু মল্টৰ সোৱাদৰ প্ৰিমিয়াম মিশ্ৰণ, যাৰ জনপ্ৰিয়তা দ্ৰুতগতিত বাঢ়িছে।
১০. ষ্টাৰ্লিং ৰিজাৰ্ভ
২০২১ চনত এই হুইস্কী ৩.৬ মিলিয়ন কেছ বিক্ৰী হৈছিল। প্ৰিমিয়াম মিশ্ৰিত হুইস্কি (ব্লেণ্ড ৭ আৰু ব্লেণ্ড ১০)। গুণগত মান আৰু বিপণনৰ বাবে ২০২১ লৈকে তিনি বছৰ ভাৰতীয় হুইস্কি ব্ৰেণ্ড চেম্পিয়ন হিচাপে স্বীকৃত।
উল্লেখ ্য যে মেকড’ৱেলছ, ডি এছ পিৰ দৰে বহু শীৰ্ষ ব্ৰেণ্ড গুৰৰ ভিত্তিত তৈয়াৰী স্পিৰিট ব্যৱহাৰ কৰে, যিবোৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে হুইস্কি হিচাপে শ্ৰেণীবদ্ধ নহ’বও পাৰে, কিন্তু ভাৰতত হুইস্কি হিচাপে গণ্য কৰা হয়।