NORTHEAST NOW (Assamese)

আলফা স্বাধীনে মুকলি কৰি দিছে কুইপৰ কৰ্মচাৰী ৰাম কুমাৰক; কিন্তু ক’ত আছে তেওঁ?

April 5, 2021 9:18 am · এন ই নাও নিউজ
কুইপৰ কৰ্মচাৰী ৰাম কুমাৰ। ফাইল ফটো।

আলফা স্বাধীনে কুইপৰ কৰ্মচাৰী ৰাম কুমাৰক মুকলি কৰি দিছে।

প্ৰায় ৪ মাহ ধৰি নিজৰ জিম্মাত ৰখাৰ পাছত আলফা স্বাধীনে তেওঁক মুকলি কৰি দিছে।

কুইপৰ কৰ্মচাৰী ৰাম কুমাৰক আলফা স্বাধীনে অৰুণাচৱ প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তৰ এক অজ্ঞাত স্থানত মুকলি কৰি দিছিল।

বাতৰি অনুসৰি, ৰাম কুমাৰ বৰ্তমান আছাম ৰাইফলছৰ জিম্মাত সুৰক্ষিতভাৱে আছে।

কুইপ অইল এণ্ড গেছ অনফ্ৰাষ্ট্ৰাকশ্যাৰ প্ৰাইভেট লিমিটেডৰ দুগৰাকী কৰ্মচাৰী-ৰেডিঅ’ অপাৰেটৰ বিহাৰৰ ৰাম কুমাৰ(৩৫) আৰু ড্ৰিলিং ছুপাৰিন্টেণ্ডেন্ট অসমৰ শিৱসাগৰ জিলাৰ প্ৰণব কুমাৰ গগৈ(৫১)ক যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ কুমচাইকা ড্ৰিলিং চাইটত কৰ্মৰত অৱস্থাত অপহৰণ কৰা হৈছিল।

ইয়াৰ পূৰ্বে যোৱা ৩ এপ্ৰিলত আলফা স্বাধীনে ড্ৰিলিং ছুপাৰিন্টেণ্ডেন্ট প্ৰণব কুমাৰ গগৈক মুকলি কৰি দিছিল।

সেইদিনাই প্ৰণব কুমাৰ গগৈ আহি তেওঁৰ শিৱসাগৰৰ ঘৰত উপস্থিতি হয়।

Related News