• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজ্ৰকন্ঠৰ শিশুসুলভ হৃদয়ৰ বহুমুখী প্ৰতিভাসম্পন্ন ৰবীন শৰ্মালৈ শ্ৰদ্ধাঞ্জলি লিডু শাখা সাহিত্য সভাৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
June 12, 2021 7:14 am
Videoframe_20210611_193155_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ বিশিষ্ট শিক্ষক ৰবীন শৰ্মাৰ এক স্মৃতিচাৰণ অনুষ্ঠান  লিডু শাখা সাহিত্য সভাৰ সৌজন্যত অনুষ্ঠিত হৈ যায় ।

বজ্ৰকন্ঠৰ শিশুসুলভ হ্নদয়ৰ ব্যক্তিত্বশালী বহুমুখী প্ৰতিভাসম্পন্ন অৱসৰপ্ৰাপ্ত শিক্ষক ৰবীন শৰ্মালৈ আদ্যশ্ৰাদ্ধৰ দিনা শুকুৰবাৰে স্মৃতিচাৰণ অনুষ্ঠান উদযাপনেৰে এই শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

সদ্যপ্ৰয়াত ৰবীন শৰ্মাৰ কন্যা তথা লিডু কলেজৰ প্ৰবক্তা জাহ্নৱী শৰ্মাই শিক্ষক সাহিত্যিক নাট্যকাৰ অভিনেতা সাংস্কৃতিক কৰ্মী লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰবীন শৰ্মাৰ প্ৰতিকৃতিত বন্তিপ্ৰজ্বলনেৰে স্মৃতিচাৰণ অনুষ্ঠানৰ আৰম্ভ কৰে।

লিডুৰ শামুজান গাঁৱৰ বাসগৃহত আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত  গুণগ্ৰাহী সকলে গন্ধ পুস্প অৰ্পণ কৰি সেৱা জনায়। সেইসকলৰ ভিতৰত ড° দিপালী বৰপুজাৰী,  সাধন গগৈ, লক্ষীনাথ হালৱা, চুফাতি পমুং, ড° পবিত্ৰ গগৈ, প্ৰবীৰজোতি বৰা, তপন দে, মাধৱ দয়াল দত্ত, পূৰ্ণিমা নেওগ, মামনি শৰ্মা আদি অন্যতম।

তাৰপাছতে লিডু শাখা সাহিত্য সভাৰ সভানেত্ৰী ড° দিপালী বৰপুজাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সোমেশ্বৰ নেওগ, সাধন গগৈ, লক্ষীনাথ হালৱা, চুফাতি পমুং, হেমন্ত গগৈ, সীমান্তমাধৱ কটকী আদিয়ে ৭০ দশকৰ পৰা সমাজ গঠনৰ বাবে অহোপুৰুষাৰ্থ কৰি ১ জুন তাৰিখে বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰা ৰবীন শৰ্মাৰ জীৱন কৃতিৰ আভাস দিয়ে।

উল্লেখ্য যে  উত্তৰ-পূবৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ “লিডুক ভাষা-সাহিত্য,কলা-সংস্কৃতি আদি সকলো দিশেৰে উজ্জ্বীৱিত কৰি আজিৰ পৰ্যায়লৈ উন্নীত কৰা খনিকৰ সকলৰ ভিতৰত অন্যতম আছিল ৰবীন শৰ্মা।

জীৱনৰ কেইবাটাও দশক ৰবীন শৰ্মাই নতুন প্ৰজন্মক কলা -সংস্কৃতিৰে উদ্বুদ্ধ কৰি প্ৰতিভাসমূহ প্ৰকাশ আৰু বিকশিত কৰাতে নিমজ্জ্বিত হৈ থাকিল। ১৯৬৬ চনতে দিগন্ত মইনা পাৰিজাত লিডুত গঠন কৰি শৰ্মাই আৰম্ভ কৰিছিল নতুন প্ৰজন্মৰ প্ৰতিভাসমূহ পোহৰলৈ অনাৰ সংগ্ৰাম।

লিডু অঞ্চলৰ বহু প্ৰতিভাধৰৰ প্ৰতিভা বিকাশত তথা আজিৰ সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা হোৱাত শৰ্মাৰ তথা মইনা পাৰিজাতৰ যথেষ্ট অৱদান আছে।নিৰবিচ্ছিন্নভাৱে নতুন প্ৰজন্মৰ সৈতে একাত্ম হৈ কেইবাটাও দশক তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই শৰ্মাই যি দৃঢ়তা দেখুৱাইছিল তাৰ দ্বাৰাই তেখেতৰ সামাজিক দ্বায়বদ্ধতা সু-স্পষ্ট হয়। লগতে স্পষ্ট হয় জাতীয় কলা – সংস্কৃতিৰ প্ৰতি থকা দুৰ্বাৰ দুৰ্বলতা।

শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানত অতিথিসকলে লিডু শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত মাধৱ দয়াল দত্তৰ দ্বাৰা সম্পাদিত ৰবীন শৰ্মা ব্যক্তি আৰু ব্যক্তিত্ব নামৰ স্মাৰকগ্ৰন্থ খন উন্মোচন কৰে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd