Srimanta Sankardeva University of Health Sciences (SSUHS)-এ বিশিষ্ট শল্য চিকিৎসক পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়াইছে।
এগৰাকী শল্য চিকিৎসক হিচাপে ইমানদিনে আগবঢ়াই অহা বিশেষ অৱদানৰ বাবে ডাঃ চহৰীয়াক এই বিশ্ববিদ্যালয়খনে এই সন্মান প্ৰদান কৰিব।
মঙলদৈত জন্ম লাভ কৰা সৰ্বেশ্বৰ চহৰীয়া বৰ্তমান কৰ্মসূত্ৰে হায়দৰাবাদত বাস কৰে। তেওঁৰ অধীনত সফলতাৰে ৩৫০০টা তকৈ অধিক বৃক্ক সংৰূপন কৰা হৈছে।
অহা ১৭ ফেব্ৰুৱাৰীত ডাঃ সৰ্বেশ্বৰ চহৰীয়া Srimanta Sankardeva University of Health Sciences –এ উক্ত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব। সেই দিনা বিশ্ববিদ্যালয়খনৰ বাৰ্ষিক সমাৰোহ।
বিশিষ্ট চিকিৎসক গৰাকীক বঁটা গ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাই যোৱা বুধবাৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে চহৰীয়ালৈ এখন নিমন্ত্ৰণি পত্ৰ প্ৰেৰণ কৰে।
জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা খবৰ লাভ কৰাৰ পিছতে গৃহ চহৰত থকা চহৰীয়াৰ আত্মীয়, বন্ধুবৰ্গই আনন্দ প্ৰকাশ কৰিছে।