ক’ৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সপৰিয়ালে ক’ৰ’ণা প্ৰতিৰোধী বিচনাত শুইছে মেছিয়ে

messi-matress

ক’ৰ’ণা ভাইৰাছে ইতিমধ্যে বিশ্বৰ বহু নামী-দামী খেলুৱৈৰ প্ৰাণ অকালতে কাঢ়ি নিছে।

সেয়ে বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া বহু খেলুৱৈয়ে ক’ৰ’ণাৰ পৰা মুক্ত হৈ থকাৰ বাবে কত’ কি যে কৰা নাই!

আৰ্জেণ্টিনাৰ বিশ্ব বিখ্যাত খেলুৱৈ লিয়’নেল মেছিয়ে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্ত হৈ থাকিবলৈ সপৰিয়ালে ক’ৰ’ণা মুক্ত বিচনাত শুবলৈ লৈছে।

মেছিয়ে শোৱা বিশেষ বিচনা খনত থকা মেট্ৰেছ খন বিশেষ ভাবে প্ৰস্তুত কৰা হৈছে।

ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্ত হৈ থকা এই বিশেষ মেট্ৰেছ খন প্ৰস্তুত কৰিছে টেক মুন নামৰ এটা প্ৰযুক্তি প্ৰতিষ্ঠানে। এই প্ৰতিষ্টানটোৰ ব্ৰেণ্ড এম্বেছাডৰ হৈছে এটলিক’ৰ তাৰকা ফুটবলাৰ ছাউল’ নিগুৱেজ।

তেওঁৰ পৰামৰ্শ অনুসৰিয়েই মেছি এনে মেট্ৰেছ ক্ৰয় কৰা বুলি ধাৰণা কৰা হৈছে। টেক মুনে সাজি উলিওৱা এই মেট্ৰেছ এখনৰ দাম ভাৰতীয় মুদ্ৰাৰ হিচাবত প্ৰায় ৮৮ হাজাৰ টকা।

মেট্ৰেছ খন নেন’ প্ৰযুক্তিৰে প্ৰস্তুত ভিৰুক্লীন নামৰ পদাৰ্থৰে সজা হৈছে।

এই ভিৰুক্লীনে চাৰি ঘণ্টাৰ ভিতৰতে ক’ৰ’ণা ভাই ৰাছৰ বীজাণু ধ্বংস কৰিব পাৰে বুলি টেক মুন নামৰ প্ৰতিষ্ঠানটোৱে দাবী কৰি আহিছে।