NORTHEAST NOW (Assamese)

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am · এন ই নাও নিউজ, গুৱাহাটী

কানছাছ চিটীত অনুষ্ঠিত চলিত ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত আলজেৰিয়াক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষাৰ অভিযান সফলতাৰে আৰম্ভ কৰিছে। এই মেচখনতে আৰ্জেণ্টিনাৰ অধিনায়ক তথা তাৰকা খেলুৱৈ লিঅনেল মেছিয়ে নিজৰ বিশ্বকাপ কেৰিয়াৰৰ প্ৰথমটো হেট্ৰিক অৰ্জন কৰাৰ লগতে জাৰ্মানীৰ প্ৰাক্তন ষ্ট্ৰাইকাৰ মিৰশ্লাভ ক্লজৰ সৰ্বাধিক ১৬ টা বিশ্বকাপ গলৰ অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয়।

মেচখনৰ প্ৰথমাৰ্ধৰ আৰম্ভণিতে ইণ্টাৰ মিয়ামিৰ সতীৰ্থ ৰড্ৰিগো ডি পলৰ পৰা লাভ কৰা এক সুন্দৰ পাছৰ সহায়ত মেছিয়ে দূৰৈৰ পৰা প্ৰথমটো গল স্কৰ কৰে। ইয়াৰ পাছত দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ওচৰৰ পৰা দ্বিতীয়টো গল আৰু খেলপথাৰৰ পৰা বদলি হৈ ওলাই অহাৰ ঠিক পূৰ্বে তৃতীয়টো গল দি তেওঁ নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰে। খেলপথাৰৰ পৰা ওলাই অহাৰ সময়ত উপস্থিত বৃহৎ সংখ্যক আৰ্জেণ্টিনাৰ সমৰ্থকে থিয় দি তেওঁক সন্মান জনায়। উল্লেখযোগ্য যে, বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ক্লজে মেছিয়ে তেওঁৰ অভিলেখ ভংগ কৰিব বুলি মত প্ৰকাশ কৰিছিল। মেচৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে মেছিয়ে এই সুযোগ লাভ কৰিব বুলি ক্লজে ধাৰণা কৰিছিল যদিও প্ৰথমখন মেচতেই তেওঁৰ এই অভিলেখ স্পৰ্শ কৰিব বুলি তেওঁ ভবা নাছিল।

এই হেট্ৰিকৰ লগে লগে মেছিৰ মুঠ বিশ্বকাপ গলৰ সংখ্যা ১৬ টালৈ বৃদ্ধি পায়। বৰ্তমান ফিফা বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গলদাতাৰ তালিকাত মেছিয়ে ২৭ খন মেচত ১৬ টা গলেৰে জাৰ্মানীৰ মিৰশ্লাভ ক্লজৰ (২৪ খন মেচত ১৬ টা গল) সৈতে যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰিছে। এই তালিকাৰ পৰৱৰ্তী স্থানসমূহত ক্ৰমে ব্ৰাজিলৰ ৰোনাল্ডোৱে ১৯ খন মেচত ১৫ টা, পশ্চিম জাৰ্মানীৰ গাৰ্ড মুলাৰে ১৩ খন মেচত ১৪ টা, ফ্ৰান্সৰ জাষ্ট ফণ্টেইনে ৬ খন মেচত ১৩ টা, ব্ৰাজিলৰ পেলে আৰু ফ্ৰান্সৰ কিলিয়ান এমবাপ্পেই ১৪ খনকৈ মেচত ১২ টাকৈ গ, হাংগেৰীৰ চেণ্ডৰ ককচিছে ৫ খন মেচত ১১ টা আৰু জাৰ্মানীৰ জুৰ্গেন ক্লিঞ্চমেনে ১৭ খন মেচত ১১ টা গল অৰ্জন কৰিছে। একেদৰে দহটাকৈ গল অৰ্জন কৰা খেলুৱৈসকল হৈছে ক্ৰমে পশ্চিম জাৰ্মানীৰ হেলমুট ৰাহন (১০ খন মেচ), ইংলেণ্ডৰ গেৰী লিনেকাৰ আৰু আৰ্জেণ্টিনাৰ গেব্ৰিয়েল বাটিষ্টুটা (১২ খন মেচ), পেৰুৰ টিঅফিলো কুবিলাছ (১৩ খন মেচ), জাৰ্মানীৰ থমাছ মুলাৰ (১৯ খন মেচ) আৰু পোলেণ্ডৰ গ্ৰেগৰ্জ লাট‘ (২০ খন মেচ)।

বিশেষভাৱে মন কৰিবলগীয়া যে, কুৰি বছৰৰ পূৰ্বে ছাৰ্বিয়া আৰু মণ্টেনেগ্ৰোৰ বিৰুদ্ধে খেলা মেচখনৰ জৰিয়তে মেছিয়ে আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপত অভিষেক ঘটাইছিল আৰু সেই মেচখনতো তেওঁ গল দিবলৈ সক্ষম হৈছিল। আনহাতে, যোৱা কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাই নিজৰ প্ৰথমখন মেচত ছৌডি আৰবৰ হাতত পৰাস্ত হৈ পৰৱৰ্তী সময়ত বিশ্বজয়ী হৈছিল যদিও এইবাৰ দলটোৱে এক সুন্দৰ আৰম্ভণি কৰিছে। অহা সপ্তাহত ঊনচল্লিছ বছৰ বয়সত ভৰি দিবলগীয়া মেছিয়ে মেচখনত আঘাতৰ কোনো লক্ষণ নেদেখুৱাই পূৰ্ণ উদ্যমেৰে অৱতীৰ্ণ হয় আৰু আনকি ডিফেন্সতো দলটোক সহায় কৰে। মেচখনত তেওঁ আৰু দুটা গল দিয়াৰ সুযোগ লাভ কৰিছিল যদিও এটা অফছাইডৰ বাবে বাতিল হয় আৰু আনটো ক্ৰছবাৰৰ ওপৰেৰে পাৰ হৈ যায়।

Related News