ব্ৰিটেইনত আনৰ বাবে ১৫০ বাৰ গাড়ীচালনাৰ পৰীক্ষা দিয়া মহিলাক কাৰাদণ্ড

এবাৰ নহয়, দুবাৰ নহয় ১৫০ বাৰ আনৰ বাবে গাড়ীচালনাৰ পৰীক্ষাত বহি গ্ৰেপ্তাৰ হোৱা মহিলা এগৰাকীক ব্ৰিটেইনৰ আদালতে আঠ মাহৰ কাৰাবাস বিহিছে৷

কাৰ্মাৰ্ডেনশ্বায়াৰৰ লানেলী নামৰ এলেকাটোৰ বাসিন্দা ২৯ বছৰীয়া ইন্দ্ৰজিৎ কৌৰে ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত আনৰ বাবে গাড়ী চালনাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা প্ৰমাণ হৈছিল৷কৌৰে নিজ মুখেও সেই কথা আদালতত স্বীকাৰ কৰিছিল।

আনৰ বাবে গাড়ী চালনাৰ পৰীক্ষাত বহা কৌৰে পৰীক্ষাৰ তত্ত্ব আৰু ব্যৱহাৰিক দুয়োটা পৰীক্ষাই দিছিল৷ এনে অপৰাধ প্ৰমাণ হোৱাৰ পিছতে তেওঁক আঠ মাহৰ বাবে কাৰাবাস বিহা হয়৷

আৰক্ষীয়ে কয় যে তেওঁ ইংৰাজী ভাষা কোৱাত অসুবিধা হোৱা লোকসকলৰ বাবে পৰীক্ষা দি আহিছিল। স্বানচি ক্ৰাউন কৰ্টে কৌৰৰ বিৰুদ্ধে ৰায়দান কৰি কয় যে পৰীক্ষা কেন্দ্ৰবোৰত বহুতৰে মহিলাগৰাকীৰ ওপৰত সন্দেহ হৈছিল৷

সেই সন্দেহৰ ভিত্তিতে আৰক্ষীক খবৰ দিয়া পিছত কৌৰ গ্ৰেপ্তাৰ হৈছিল। কৌৰে স্বানচি, কাৰ্মাৰ্ডেন, বাৰ্মিংহাম আৰু লণ্ডনত আনৰ বাবে পৰীক্ষা দিছিল। ডেট চি ইনস্প ষ্টিভেন মেলোনিয়ে কয় যে কৌৰে ধনৰ লোভতে এনেদৰে আনৰ বাবে পৰীক্ষা দিছিল৷ ” এনে ধৰণৰ প্ৰৱঞ্চনাই সাধাৰণ ৰাইজৰ বাবে গুৰুতৰ বিপদ মাতি আনিব পাৰে বুলিও তেওঁ কয়।

ড্ৰাইভাৰ এণ্ড ভেহিকেল ষ্টেণ্ডাৰ্ড এজেন্সিৰ কেৰোলিন হিক্সে কয় যে প্ৰৱঞ্চনাৰে লাভ কৰা পৰীক্ষাৰ ফলাফল সমূহ বাতিল কৰা হ’ব৷