NORTHEAST NOW (Assamese)

বিত্তীয় লেনদেনত অনিয়ম: পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ চন্দা কোছাৰ-দীপক কোছাৰ

December 29, 2022 5:48 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 29, 2022 5:40 pm

কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- ৰ বিশেষ আদালতে আজি আই.চি.আই.চি.আই বেংক-ভিডিঅ’কন ঋণ জালিয়াতিৰ গোচৰৰ তিনি অভিযুক্ত ক্ৰমে -চন্দা কোছাৰ, দীপক কোছাৰ আৰু ভেনুগোপাল ধূত-ক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

সোমবাৰে তিনিওগৰাকী অভিযুক্তকে তিনিদিনীয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ প্ৰেৰণ কৰাৰ পিছত কালি পুনৰ দুদিনৰ বাবে জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছিল।

গোচৰৰ প্ৰাথমিক তদন্তৰ সময়ত চিবিআইয়ে ২০০৯ চনৰ জুন আৰু ২০১১ চনৰ অক্টোবৰৰ ভিতৰত ভিডিঅ’কন গ্ৰুপ আৰু ইয়াৰ সৈতে জড়িত কোম্পানীসমূহক আই.চি.আই.চি.আই বেংকৰ নিৰ্ধাৰিত নীতিৰ অভিযোগ উলংঘা কৰি ১,৮৭৫ কোটি টকা মূল্যৰ ছটা ঋণ অনুমোদন কৰাৰ তথ্য লাভ কৰিছিল।

উল্লেখ্য যে কোছাৰ আই.চি.আই.চি.আই বেংকৰ মুৰব্বী হৈ থকাৰ সময়ত ভিডিঅ’কন গ্ৰুপক প্ৰদান কৰা ৩ হাজাৰ কোটিতকৈ অধিক টকাৰ ঋণত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল।

৫৯ বছৰীয়া চন্দা কোছাৰৰ বিৰুদ্ধে কনজিউমাৰ ইলেক্ট্ৰনিকছ আৰু তেল আৰু গেছ অন্বেষণ কোম্পানী ভিডিঅ’কন গ্ৰুপৰ পক্ষ লোৱাৰ অভিযোগ উঠিছিল।

এই অভিযোগৰ পাছতে কোছাৰে ২০১৮ চনৰ অক্টোবৰ মাহত আই.চি.আই.চি.আই বেংকৰ মুখ্য কাৰ্যবাহী আৰু মেনেজিং ডাইৰেক্টৰ পদ ত্যাগ কৰিছিল। আই.চি.আই.চি.আই- এ এবছৰৰ পাছত কোছাৰে বেংকৰ আচৰণ বিধি আৰু আভ্যন্তৰীণ নীতি উলংঘা কৰা বুলি অভিযোগ কৰিছিল।

২০১২ চনত ভিডিঅ’কন গ্ৰুপক ৩,২৫০ কোটি টকা ঋণ প্ৰদানৰ অভিযোগত চিবিআই- এ চন্দা কোছাৰৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই লেনদেনৰ ফলত চন্দা কোছাৰৰ স্বামী দীপক কোছাৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল লাভৱান হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

অভিযোগ অনুসৰি ভিডিঅ’কনৰ প্ৰাক্তন অধ্যক্ষ ভেনুগোপাল ধূটে ভিডিঅ’কন গ্ৰুপক আই.চি.আই.চি.আই বেংক ঋণ প্ৰদান কৰাৰ কেইমাহমানৰ পাছত দীপক কোছাৰে প্ৰতিষ্ঠা কৰা কোম্পানী ‘নুপাৱাৰ ৰিনিউৱেবলছ’ত কোটি কোটি টকা বিনিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

চিবিআইৰ অভিযোগ মতে চন্দা কোছাৰ সদস্য হিচাপে থকা এখন কমিটীয়ে ভিডিঅ’কন গ্ৰুপৰ বাবে এই ঋণ মুকলি কৰিছিল। চিবিআইৰ মতে কোছাৰে নিজৰ চৰকাৰী পদৰ অপব্যৱহাৰ কৰিছিল আৰু ভিডিঅ’কনক ৩০০০ কোটি টকা অনুমোদন দিয়াৰ বাবে ধূটৰ পৰা স্বামীৰ জৰিয়তে অবৈধ সুবিধা লাভ কৰিছিল।

অৱশ্যে উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰি আহিছে চন্দা কোছাৰে।

Related News