দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উত্তপ্ত কৰি তোলে কাকপথাৰ থানা চৌহদ

Accident-750x375-1

কাকপথাৰৰ ডমনাবস্তিত বৃহস্পতিবাৰে সংঘটিত এঘখ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি অঞ্চলটোৰ স্থানীয় লোকে তিনিচুকীয়াৰ কাকপথাৰ আৰক্ষী থানা উত্তপ্ত কৰি তোলে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে কাকপথাৰৰ ডমনাবস্তিত এখন অচিনাক্ত তীব্ৰ বেগী ট্ৰাকে দেৱা মাহাত্ব নামৰ এজন লোকক প্ৰচণ্ড জোৰত খুন্দিয়াই। ফলত আজি পুৱা মাহাত্ব নামৰ লোকজনে মৃত্যুক আঁকোৱালি লয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

মন কৰিব লগীয়া যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কাকপথাৰৰ স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আনকি দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ৰ চি চি টিভিৰ ফুটেজৰ পৰা ফটো উলিয়াই স্থানীয় কেইজনমান সচেতন যুৱকে থানাত জমা দিয়াৰ পিছতো আৰক্ষীয়ে বৰ্তমানলৈকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন কৰায়ত্ত কৰিব পৰা নাই।

ফলত আজি ক্ষুভিত ৰাইজে কাকপথাৰ থানা ঘেৰাও কৰি থানা চৌহদ উত্তপ্ত কৰি তোলাৰ লগতে অতি শীঘ্ৰে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন কৰায়ত্ত কৰাৰ দাবী তোলাৰ লগতে মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী জনায়।