ঢেকীয়াখোৱা বৰনামঘৰক লৈ অপপ্ৰচাৰ কৰি ৰাজহুৱাকৈ ক্ষমা খুজিলে উদণ্ড যুৱকৰ দলে

ৱেব পৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব নামঘৰ পৰিচালনা সমিতিয়ে

যোৱা দেওবাৰে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক লৈ একাংশ দুষ্ট চক্ৰই এক ৱেব পেজত চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে আজি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত এখনি সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

নামঘৰ পৰিচালনা সমিতিয়ে জনোৱা মতে উক্ত দিনা যথেষ্ট ভকত বৈষ্ণৱৰ সমাগম ঘটিছিল নামঘৰ প্ৰাংগণত।

সেয়ে দৰ্শনাৰ্থীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসনে নামঘৰলৈ যোৱা মূল পথটো বন্ধ কৰি আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত অন্য এটা উপ পথ মুকলি কৰি দিছিল। ইয়াৰ প্ৰভাৱ অঞ্চলৰ একাংশ যুৱকে প্ৰশাসনৰ বিনা অনুমতিত কেৱল ব্যৱসায়িক স্বাৰ্থত পতা পাৰ্কিঙৰ ব্যৱসায়ত পৰিছিল।

লগতে পঢ়ক: বানবিধ্বস্ত বেংগালুৰু, ১০ কোটিৰ ভিলাৰ ভিতৰতো পানী! হোটেলৰ ভাড়া ৪০ হাজাৰ টকালৈ বৃদ্ধি

তাৰপিছতে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ অৰ্থে এই উদণ্ড যুৱকৰ দল নামঘৰ প্ৰাংগণলৈ আহি নামঘৰ পৰিচালনা সমিতিক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী ধমকি দিয়াৰ লগতে আৰক্ষী প্ৰশাসন তথা জিলা উপায়ুক্তকো সাঙুৰি এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰি সামাজিক মাধ্যমত নামঘৰ পৰিচালনা সমিতি আৰু প্ৰশাসনযন্ত্ৰৰ বিৰুদ্ধে বিৰোপ মন্তব্য আগবঢ়াইছিল।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, সামাজিক মাধ্যমত নিদিষ্ট এটা ৱেব পেজত উক্ত ঘটনাটো সম্প্ৰচাৰ হোৱাৰ লগে লগে নামঘৰ পৰিচালনা সমিতিৰ লগতে ঢেকীয়াখোৱাবাসী জাঙুৰ খাই উঠে।

ইয়াৰ পিছতে লগে লগে ৰাজহুৱা সভা আহ্বান কৰি উক্ত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰা যুৱকসকলক কি কাৰণে এনে কৰিবলগীয়া পৰিস্থিতি হ’ল তাৰ ওপৰত প্ৰশ্ন কৰে আৰু শেষত নিদিৰ্ষ্ট যুৱককেইজনে ৰাইজৰ আগত নিজ ব্যৱসায়িক স্বাৰ্থতে এনে ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে আৰু সকলোৰে আগত ক্ষমা বিচাৰে।

উল্লেখযোগ্য যে আজি এইসকল উদণ্ড যুৱক সংবাদ মেলত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত নিজৰ ভুল পুনৰ স্বীকাৰ কৰি সদৌ অসমবাসীৰ আগত ক্ষমা বিচাৰি প্ৰৰ্থনা জনায়।

লগতে পঢ়ক: ব্ৰিটেইনৰ ৰাণীৰ স্বাস্থ্যকলৈ উদ্বিগ্ন চিকিৎসক; ততাতয়াকৈ স্কটলেণ্ড পালে চাৰ্লছ

আনহাতে, ৰাজহুৱা সভাই উক্ত ৱেব পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে। লগতে ঢেকীয়াখোৱা ব্যৱসায়ী সন্থা তথা স্থানীয় সচেতন সমাজেও এই উদণ্ড যুৱকৰ দলটোৱে কেৱল টকাৰ লালসাত ব্যৱসায়ৰ নামত ঐতিহাসিক পীঠক লৈ কৰা এনে চক্ৰান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

তদুপৰি, পাৰ্কিঙৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে বিনামূলীয়াকৈ বহু উপযুক্ত স্থানৰ ব্যৱস্থা কৰি থৈছে আৰু সকলো দৰ্শনাৰ্থীকে উক্ত স্থান পাৰ্কিং কৰিবলৈ আহ্বান জনাইছে।