লাহৰীঘাটত চৰকাৰলৈ অপেক্ষা নকৰি বস্তাৰে লুইতৰ খহনীয়া প্ৰতিৰোধত নামিল ৰাইজ

a river-erosion-2

প্ৰতিনিধিত্বমূলক ছবি

এইবাৰ চৰকাৰ আৰু ৰাজ্যখনৰ বিয়াগোম জলসম্পদ বিভাগটোলৈ প্ৰত্যাহ্বান জনাই লাহৰীঘাটত ৰাইজৰ দান বৰঙণিৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত নামিল ৰাইজ।

তেওঁলোকৰ বাবে এতিয়া যেন একমাত্ৰ ভগৱানেই সকলো ভৰষা।

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ব্ৰক্ষ্মপুত্ৰৰ চৰত দেওবাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি ব্ৰহ্মপুত্ৰ খহনীয়াৰ অস্থায়ী প্ৰতিৰোধৰ বাবে হাতে হাতে বাঁহ , বস্তা লৈ কামত নামিল অঞ্চলটোৰ ৰাইজ।

প্ৰণিধানযোগ্য যে বছৰ বছৰ ধৰি লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিভীষিকা সৃষ্টি কৰি আহিছে।

খহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি,ঘৰ-দুৱাৰ, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদি।

অথচ কোনো এখন চৰকাৰেই আজিলৈকে অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ফলত লাহৰীঘাট গৰাখহনীয়া প্ৰতিৰোধ সমিতি নামেৰে গঠিত সমিতি খনৰ উদ্যোগত কালি টেঙাগুৰি,বগলীপাৰা,চেটুৱাইখাইটি,জৰিবৰ,তিনিচুকীয়া আদিকে ধৰি বহু কেইখন গাঁৱৰ ৰাইজ মাৰ বান্ধিওলাই আহিছে নদীৰ সুঁতিত বাঁহ আৰু বস্তাৰ বান্ধ দিবলৈ।

মনকৰিবলগীয়া যে যোৱাটো বানত সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিত ৰাইজৰ দান বৰঙণি আৰু শ্ৰমেৰে দহ হাজাৰ বাঁহ আৰু এক লাখ বস্তাৰে বিশটাকৈ বান্ধ নিৰ্মাণৰ সংকল্প লৈছে অঞ্চলটোৰ ৰাইজে।

তেওঁলোকৰ আশা নদীৰ সুঁতিত বান্ধ কেইটা স্থাপন কৰিব পাৰিলে টেঙাগুৰি ,তিনিচুকীয়া মহমাৰা পঞ্চায়তৰ গাঁও সমূহৰ লগতে সমগ্ৰ অঞ্চলটোৰ এইবেলি খহনীয়া কবলৰ পৰা ৰক্ষা পৰিব।

এনে ক্ষেত্ৰত শাসকীয় পৰিৱৰ্তনশীল বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এই দিশত কি ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।