ওদালগুৰিৰ টংলা-নাছানচালি-ডিমাকুছি পথটোৰ মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ

20180828_142317

টংলা-নাছানচালি-ডিমাকুছি পথটোৰ শোচনীয় অৱস্থাৰ বাবে স্থানীয় বাসিন্দাসকলে তীব্ৰ অসন্তোষ ব্যক্ত কৰিছে। এই পথচোৱাই উন্নয়নৰ উচ্চস্তৰৰ শ্লোগান দিয়া বিটিচি প্ৰশাসনৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে বুলি স্থানীয় বাসিন্দাসকলে মন্তব্য কৰিছে।

ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটো ধূপগুৰি আৰু দাঁতিকাষৰীয়া গাঁৱসমূহৰ জীৱনৰেখা। এই পথটোৰ বোকময় অৱস্থাই বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এখন আদৰ্শ বিটিচি নিৰ্মাণ কৰাৰ সপোনটোক এটা ভ্ৰান্তিলৈ পৰ্যৱসিত কৰিছে।

যদিও টংলাৰ ওচৰৰ কুকুৰাকটাৰ পৰা ডিমাকুছিলৈ দূৰত্ব মাত্ৰ ১৫ কি:মি: যদিও বিগত এটা দশকত এই পথটো মেৰামতি কৰাৰ বাবে চৰকাৰলৈ জনোৱা সমস্ত আবেদন নিৱেদন চৰকাৰৰ কৰ্ণগোচৰ নোহোৱাটো এটা আচৰিত কথা।

মহলবাৰে এই প্ৰতিৱেদকে এই স্থানলৈ যোৱাৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, আৰু ৰোগীসকলক এই কৰ্দমময় পথটোৰে যাতায়াত কৰোঁতে সন্মুখীন হোৱা অসুবিধাখিনি চকুত পৰিছিল।

টংলা-ভেৰগাঁও পথৰ পৰা কাটি অহা টংলা-নাছানচালি-ডিমাকুছি পথটোৰে যাতায়াত কৰা লোকসকলে উন্নয়নৰ, বিশেষকৈ পথ উন্নয়নৰ বিষয়ে গৰ্ব কৰা বৰ্তমানৰ চৰকাৰক শাও-শাপনি দি আহিছে।

যদিওবা এই পথটোৰ কিছু অংশ মেৰামতি কৰা হৈছিল, পথটোওৰ অধিকাংশই মেৰামতি কৰা হোৱা নাছিল। বৰ্মান এই পথটোৰে যান-বান চলাচল কৰাটো দুৰৰে কথা, মানুহে কাচিৎহে ইয়াত খোজ কাঢ়ে। পথটৱে ইয়াৰ আকৰ্ষণ হেৰুৱাই পেলাইছে। ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱা, কৃষকে শস্য বজাৰলৈ নিয়াত সমস্যা হোৱাৰ লগতে যথা সময়ত ৰোগীক কঢ়িয়াবলৈ এম্বুলেঞ্চ আহি নাপায়।

বচৰ বছৰ ধৰি স্থানীয় বাসিন্দাসকলে এই পথটো মেৰামতি কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। ‘‘বিধায়ক, সাংসদ, বিটিচিৰ কাৰ্যবাহী সদস্য, উপায়ুক্ত, কোনেও এই গাঁৱলৈ অনা নাই। নিৰ্বাচিত হোৱাৰ পাছত জন প্ৰতিনিধিসকলে আৰু উভতি নাচায়।’’ অমৃত দাস নামৰ এজন গাঁৱবাসীয়ে কৈছে। নাচানচালি প্ৰাথমিক বিদ্যালয়ৰ জীৱেল টপ্প পঞ্চম মানৰ  আৰু বিকি গৌৰ নামৰ চতুৰ্থ মানৰ ছাত্ৰ দুজনে কৈছে যে তেওঁলোকে বিদ্যালয়লৈ বহু কষ্ট কৰি যাবলগীয়া হয়। গাঁৱবাসীসকলে ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনক অতি শীঘ্ৰে পথটো মেৰামতি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহম কৰাৰ বাবে দাবী জনাইছে।