NORTHEAST NOW (Assamese)

টীয়কত মেৰামতিৰ পিছতে বখলা-বখলে এৰাইছে গড়কাপ্টানী বিভাগৰ পথ; ব্যাপক দুৰ্নীতিৰ অভিযোগ

February 18, 2020 5:38 pm · নিৰ্মলেন্দু পাঠক
নিম্ন মানৰ কামেৰে মেৰামতি কৰা পথটোৰ একাংশ।

যোৰহাট জিলাৰ টীয়কত গড়কাপ্টানী বিভাগৰ এটা পথ মেৰামতি কৰাৰ দুদিনমান পাছতে বখলা-বখলে এৰাই যোৱাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মিধাখাট হৈ বনাই চুক সংযোগী পথটোৰ নতুনকৈ নিৰ্মাণ কৰা অংশত আজি স্থানীয় ৰাইজে হাতেৰে টানি বখলা-বখলকৈ এৰুৱাই দিয়ে।

পথটো মেৰামতিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে আৰু ইয়াক পুনৰ ভালকৈ নিৰ্মাণ কৰাৰ দাবী তুলিছে।

জানিব পৰা মতে, প্ৰায় ৬৫ লাখ টকা ব্যয়েৰে মেৰামতি কৰিবলৈ লোৱা প্ৰায় ৩.৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা আগৰৱালা উপাধিৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰে ঠিকা লাভ কৰিছে।

কিন্তু মেৰামতিৰ নামত অতি নিম্ন মানৰ কামেৰে চৰকাৰী ধন লুণ্ঠন কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ নিজা সমষ্টি মাজুলীতো গড়কাপ্টানী বিভাগে নিৰ্মাণ কৰা পথ কেইদিন মানৰ পিছতে ৰাইজে হাতেৰে বখলা-বখলে এৰুৱাই কামৰ নিম্নমান উদঙাই দিছিল।

Related News