গুৱাহাটীত পুনৰ হ’ব নেকি ল’কডাউন ? : কি ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটীত বৰ্তমান আৰম্ভ হৈছে গণ সংক্ৰমণ; গুৱাহাটীৰ পৰিস্থিতিক লৈ চিন্তিত আৰু উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

900f9870-9a7e-4a7a-845b-2f22ce73a68a

গুৱাহাটীত বৰ্তমান আৰম্ভ হৈছে গণ সংক্ৰমণ। কিয়নো বৰ্তমানলৈকে গুৱাহাটীত ২৫ গৰাকী কোভিড ৰোগী চিনাক্ত হৈছে তেওঁলোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই।

সেয়েহে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চিন্তিত আৰু উদ্বিগ্ন।

আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘গুৱাহাটী মহানগৰীত ক’ৰ’না ৰোগীৰ পৰিবেশ অলপ জটিল হৈছে। গুৱাহাটীক লৈ মোৰ চিন্তাৰ আৰু উদ্বেগৰ কাৰণ আছে। তাৰ কাৰণ হ’ল ২৫ গৰাকী ৰোগীক যোৱা কিছুদিনৰ ভিতৰত সামাজিক সংক্ৰমণ কেছ পোৱা গৈছে। তেওঁলোকৰ ভ্ৰমণ বৃত্তান্ত নাই।‘

ইপিনে, বহিঃৰাজ্যৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী তথা অন্যান্য সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ চালক নাইবা হেণ্ডিমেনৰ পৰা গম নোপোৱাকৈ এই সংক্ৰমণ হোৱা বুলি সন্দেহ কৰে মন্ত্ৰীয়ে।

তেওঁ কয়, ‘ট্ৰাকবিলাক লুডিং আৰু আনলুডিং কৰি ঘুৰি যাওঁতে ৩-৪ দিন সময় লয়। কোনোবা দোকানৰ চেলছচমেন বা ট্ৰাক ৰখোৱা ঠাইৰ কাষৰ অঞ্চলত সামাজিক সংক্ৰমণ হৈছে।‘

‘সেই লুডিং আনলুডিং ঠাইসমূহ কোৱাৰেন্টাইন হিচাপে লোৱা হ’ব। ট্ৰাক চালক হেণ্ডিমেনৰ পৰা স্বাব সংগ্ৰহ কৰি টেষ্ট কৰা হ’ব। যিবিলাক ট্ৰাকে পথৰ কাষৰ হোটেল ধাবাত আহাৰ গ্ৰহণ কৰি গৈছে। এইটো আমাৰ চকু কৰিছে।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, গুৱাহাটীত ভয়াৱহ ৰূপত গণ সংক্ৰমণ হোৱাৰ আশংকা কৰি অহা ১৫ দিনৰ ভিতৰত ৫০ হাজাৰ টেষ্ট কেৱল গুৱাহাটীতে কৰোৱাৰ সিদ্ধান্ত লয় স্বাস্থ্য বিভাগে।

মহানগৰীৰ ১২ স্থানত মহানগৰবাসীক গৈ স্বাৱ টেষ্ট কৰাবৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে নিজৰ নাম ঠিকনা আৰু ফোন নম্বৰ শুদ্ধকৈ দিবলৈ অনুৰোধ জনায়।

‘অহা ১৫ দিনত ৫০ হাজাৰ চেম্প’ল সংগ্ৰহ কৰিব। অহা ১৬ জুলাইৰ পৰা মহানগৰীৰ ১২ টা স্থানত পুৱা ৯ বজাৰ পৰা চেম্প’ল সংগ্ৰহ কৰা হ’ব । জিএমছিএইছ, MMCH, Dhirenpara FRU, Pandu FRU, দিচপুৰ ৰাজধানী ৰাজ্যিক চিকিৎসালয়, লখৰা ৰাজধানী ৰাজ্যিক চিকিৎসালয়, বামুনীমৈদাম, ভেটাপাৰা আৰু ওডালবাক্ৰা মিনি PHE তো হ’ব চেম্প’ল সংগ্ৰহ।‘

তাৎপৰ্যপূৰ্ণভাৱে, গুৱাহাটীত দ্বিতীয়বাৰলৈ ল’কডাউন দিয়াৰ ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘৫০ হাজাৰ টেষ্ট কৰাৰ পাছত যদি পৰিবেশ বেয়া হয় বা আক্ৰান্তৰ হাৰ বৃদ্ধি হয়, তেন্তে ল’কডাউনৰ সিদ্ধান্ত লোৱা হ’ব। তেতিয়া দ্বিতীয় বাৰলৈ ল’কডাউনৰ বাবে গুৱাহাটীবাসীয়ে নিজকে সাজু কৰিব লাগিব। পৰিবেশ পৰিস্থিতি নিৰীক্ষণ কৰি কঠোৰ সিদ্ধান্ত ল’বলগীয়া হ’লে লোৱা হ’ব।‘

ইপিনে, কাইলৈৰ পৰা ২৫ খনতকৈ বেছি ফ্লাইট বিমান বন্দৰত অৱতৰণ কৰিব নোৱাৰিব বুলি তেওঁ কয়।

ইয়াৰোপৰি, অহা সপ্তাহত ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় ‘কিয়নো কেৰেলাৰ পৰা ১৭ খন ট্ৰেইন ২৫ হাজাৰ ল’ৰা-ছোৱালী লৈ আহিব। কেৰেলাৰ পৰা দুখন ট্ৰেইন আজি ৰাওনা হৈছে। বাংগালুৰুৰ পৰা দুখন ট্ৰেইন আহিব।‘

আনহাতে, কালি উলুবাৰীৰ শ্মশানত কোভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ৰোগীক অন্তিম সৎকাৰত স্থানীয় ৰাইজে বাধা দিয়াক কেন্দ্ৰ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় ‘মানুহৰ মাজত ভুল ধাৰণা আছে যে ক’ৰ’না ৰোগীৰ সৎকাৰ শ্মশানত কৰিব নালাগে। জুইয়ে ক’ৰ’না ভাইৰাছ মাৰি পেলায়।৫২-৫৩ ডিগ্ৰীৰ ওপৰত ক’ৰ’না জীয়াই নাথাকে।‘

‘কাৰোবাৰ যদি ভয় লাগিছে তেন্তে শ্মশানৰ মানুহক পিপিই কীট পিন্ধিবলৈ দিয়ক। অতি বিনম্ৰতাৰে অনুৰোধ যাতে সৎকাৰত কোনেও বাধা নিদিয়ে। মাটি ভেদ কৰি ক’ৰ’না ওলাই আহিব নোৱাৰে। ক’ৰ’না ভাইৰাছ ইমান সবল হয়। দাহনত সকলো দাহিত হয়। মৃত ক’ৰ’নালৈ ভয় কৰিব নালাগে।‘ হিমন্তই এইদৰে কয়।

আনহাতে, সামাজিক ব্যৱধান নামানি প্ৰতিবাদী সমদল, ৰাজহুৱা অনুষ্ঠান দেখা পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘কোনটো সময়ত পৰিস্থিতি অৱনতি হয় ঠিক নাই। প্ৰতিবাদৰ ভাষা চৰকাৰে নিশ্চয় শুনিব। কিন্তু সামাজিক দুৰত্ব আপোনালোকে কেতিয়াও নেৰিব।‘