লকডাউন: অসমৰ ভিতৰত ভ্ৰমণ পাছৰ বাবে হোৱাটছএপ নম্বৰ মুকলি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে হোৱাটছএপ নম্বৰ

Lockdown: Kamrup metro administration launches whatsapp number for E-pass

কামৰূপ মহানগৰ জিলা প্ৰশাসনে লকডাউনত আবদ্ধ হৈ থকা অসমৰ ভিতৰৰে বিভিন্ন ঠাইৰ লোকসকলৰ ভ্ৰমণ সম্বন্ধীয় ব্যৱস্থাৰ বাবে হোৱাটছএপ নম্বৰ মুকলি কৰিছে।

এই নম্বৰকেইটা হৈছে ৮৬৩৮১-১২২৯৭/ ৭০০২৫-৪৬৬৮৪/ ৬৯০১৪-৬২৫৯৫ (।)

২৫ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈকে তিনিদিনত অসমত আন্তঃজিলা ভ্ৰমণৰ বাবে ই পাছৰ ব্যৱস্থা কৰা হৈছে।

এই পাছ লোৱাৰ বাবে উপৰোক্ত নম্বৰকেইটাত অহা ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পূৰ্বে আৱেদনকাৰীসকলে সবিশেষ দাখিল কৰিব লাগিব।

আৱেদনকাৰীসকলে সকলো সঠিক তথ্য বা নথি হোৱাটছএপ নম্বৰকেইটাত জমা দিব লাগিব আৰু পৰীক্ষণৰ পাছত তেওঁলোকলৈ তলৰ ৱেবছাইটকেইটাৰ যোগেদি ই পাছৰ আৱেদন কৰিব পৰাকৈ উত্তৰ পঠোৱা হ’ব।

ৱেবছাইটকেইটা হৈছে— kamrupmetro.assam.gov.in আৰু kamrupmetro.in

বুধবাৰে স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মানৱীয়তাৰ খাতিৰত আবদ্ধ হৈ থকা লোকসকলক অহা ২৫, ২৬ আৰু ২৭ এপ্ৰিলত  ঘৰলৈ ঘূৰি যাবলৈ অনুমতি প্ৰদান কৰা হ’ব।

“এইটো কেৱল গৃহ অভিমুখী হ’ব। কোনোবা যদি কাৰ্য্যালয়ত কাম কৰে, তেন্তে কাৰ্য্যালয় অভিমুখী হ’ব পাৰিব,” যাত্ৰাটো একদিশীয়া হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

আজি সন্ধিয়া ৮ বজাত মন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কন্ফাৰেন্সৰ জৰিয়তে ৩৩ খন জিলাৰ জিলা উপায়ুক্তৰে এই সন্দৰ্ভত বিষদভাৱে কথা পাতিব বুলি উল্লেখ কৰিছিল।