ক’ৰ’না প্ৰতিৰোধৰ বাবে অব্যাহত থকা ল’কডাউনৰ বাবে আগ্ৰাত এজন শ্ৰমিকে আত্মহত্যা কৰিছে।
সোমবাৰে আগ্ৰাত কৰ্মৰত মেঘালয়ৰ প্ৰব্ৰজিত শ্ৰমিকে আত্মহত্যা কৰে।
আৰক্ষীৰ সূত্ৰৰ মতে আগ্ৰাৰ এখন ৰেষ্টুৰেণ্টত কৰ্মৰত মেঘালয়ৰ শ্ৰমিকজনে নিজৰ ভাড়াৰুমতে ফাঁচি লগাই আত্মহত্যা কৰিছে।
এলড্ৰিন লিংড’হ নামৰ লোকজনে ক’ৰ’না প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ২১ দিনীয়া ল’কডাউনত জীৱন নিৰ্বাহত অসমৰ্থ হোৱাৰ বাবেই আত্মহত্যা দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি নিজৰ ফেচবুকত একাউন্টত উল্লেখ কৰিছে।
উল্লেখ্য যে ল’কডাউনৰ ফলত দেশৰ লক্ষ লক্ষ শ্ৰমিকৰ জীৱন সংকটত পৰা দেখা গৈছে।
গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ থকা আৰু খোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল যাতে প্ৰব্ৰজিত শ্ৰমিকসকল গৃহাভিমুখী পদযাত্ৰাই মাৰাত্মক ক’ৰ’না ভাইৰাছৰ বাহক হৈ নুঠে।