লোকসভাত গৃহীত দিল্লীৰ তিনিখন পৌৰ নিগমক একত্ৰিত কৰাৰ বিধেয়ক

দিল্লীৰ তিনিখন পৌৰ নিগমক একত্ৰিত কৰিব বিচৰা দিল্লী পৌৰ নিগম (সংশোধনী) বিধেয়ক, ২০২২ বুধবাৰে লোকসভাত গৃহীত হয়।

দিল্লী পৌৰ নিগমক ২০১১ চনত তদানীন্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিত নেতৃত্বাধীন দিল্লী চৰকাৰে উন্নত সেৱা প্ৰদানৰ বাবে পৌৰনিগমক ত্ৰি-বিভক্ত কৰিছিল।

দিল্লীত তিনি খনকৈপৌৰ নিগম থকাৰ বাবে বহু প্ৰশাসনিক অসুবিধাৰ সৃষ্টি হৈছিল। সেয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তিনিওখন পৌৰ নিগমক একত্ৰিত কৰিবলৈ এখন বিধেয়ক লোকসভাত উত্থাপন কৰে। বিধেয়কখন ধ্বনি ভোটৰ দ্বাৰা গৃহীত কৰা হয়।

বিৰোধী সদস্যসকলে উত্থাপন কৰা কেইবাটাও সংশোধনীৰ প্ৰস্তাৱ নাকচ কৰা হয়। লোকসভাত ভাষণ দি অমিত শ্বাহে কয় যে দিল্লীৰ চৰকাৰে এই ব্যৱস্থাক আদৰণি জনোৱা উচিৎ।

তেওঁ সদনৰ সদস্যসকলক “দলীয় ৰাজনীতি”ৰ উৰ্ধলৈ গৈ বিষয়টোক সমৰ্থন জনাবলৈ আহ্বান জনায়।

বৰ্তমান দিল্লীৰ তিনিটা নিগম ক্ৰমে উত্তৰ, দক্ষিণ আৰু পূব দিল্লী পৌৰ নিগমত মুঠ ২৭২ খন আসন আছে।

যাৰ ভিতৰত উত্তৰ আৰু দক্ষিণ পৌৰ নিগমত প্ৰতিখনতে ১০৪ খন আসন আছে, আনহাতে পূৱ পৌৰ নিগমত ৬৪ খন আসন আছে।