অসমৰ পৰৱৰ্তী সাংসদসকল ||লোকসভা নিৰ্বাচন ২০১৯

লোকসভা নিৰ্বাচন ২০১৯ত সমগ্ৰ দেশৰ লগতে অসমতো অভূতপূৰ্ব সাফল্যৰে বিজেপিয়ে অধিকাংশ সাংসদ পদ দখল কৰিবলৈ সক্ষম হয়।

অসমত বিজেপিয়ে ৯খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩খন, নিৰ্দলীয়ই এখন আৰু এ আই ইউ দি এফে ১খন আসন লাভ কৰে।

সমষ্টি অনুসৰি অসমত নিৰ্বাচনৰ ফলাফল তলত দিয়া ধৰণৰ

ডিব্রুগড় লোকসভা সমষ্টিঃ বিজেপিৰ ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰক ৩৬৪৫৬৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

কৰিমগঞ্জ লোকসভা সমষ্টিঃ বিজেপিৰ কৃপানাথ মাল্লাই এ আই য়ু ডি এফৰ প্ৰাৰ্থী ৰাধেশ্বাম বিশ্বাসক ৩৮৩৮৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

স্বায়ত্ত শাসিত পৰিষদ লোকসভা সমষ্টিঃ বিজেপিৰ হৰেণ সিং বে’য়ে কংগ্ৰেছৰ বিৰেণ সিং ইংতিক ২৩৯৬২৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

বৰপেটা লোকসভা সমষ্টিঃ কংগ্ৰেছৰ আব্দুল খালেকে মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক ১৪০৩০৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

ধুবুৰী লোকসভা সমষ্টিঃ এ আই য়ু ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক ২২৬২৫৪ টা ভোটত পৰাজিত কৰে।

গুৱাহাটী লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী কুইন ওজায়ে কংগ্ৰেছৰ ববিতা শৰ্মাক ৩৪৫৬০৬ টা ভোটত পৰাজিত কৰি বিজয়ী হয়।

যোৰহাটত লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক ৮২৬৫৩ টা ভোটত পৰাস্ত কৰে।

কলিয়াবৰ লোকসভা সমষ্টিঃ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী মনিমাধৱ মহন্তক ২০৯৯৯৪  টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

কোকৰাঝাৰ লোকসভা সমষ্টিঃ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্মক ৩৭৭৮৬ টা ভোটত পৰাস্ত কৰে।

লক্ষীমপুৰ লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰদান বৰুৱাই কংগ্ৰেছৰ অনিল বৰগোহাঁইক ৩৫০৫৫১ টা ভোটত পৰাস্ত কৰে।

মঙলদৈ লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাক  ১৩৮৫৪৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

নগাঁও লোকসভা সমষ্টিঃ কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাত ১৬৭৫২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

শিলচৰত লোকসভা সমষ্টিঃ বিজেপিৰ ৰাজদ্বীপ ৰয়য়ে কংগ্ৰেছ প্ৰাথী সুস্মিতা দেবক ৮১৫৯৬ টা ভোটত পৰাস্ত কৰে।

তেজপুৰ লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে কংগ্ৰেছৰ এম জি ভি কে ভানুক ২৪২৮৪১ টা ভোটত পৰাজিত কৰি বিজয়ী হয়।