বিমানখন আকাশৰ মাজত আছিল। হঠাতে বাজি উঠিল এলাৰ্ম বেল।কাৰণ্- এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক দোষ। বিপদৰ কথা উপলব্ধি কৰি পাইলটে ঘূৰি অহাৰ সিদ্ধান্ত ল’লে। লণ্ডনলৈ যোৱাৰ সলনি এআই-১২৯ মুম্বাইলৈ উভতি আহিল।বৰ্তমান এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই যাত্ৰীসকলক টিকটৰ ভাড়া ঘূৰাই দিয়াৰ আশ্বাস দিছে। অৱশ্যে যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ যোৱাৰ বিকল্প ব্যৱস্থা কৰা হৈছে।
এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, বুধবাৰে পুৱা মুম্বাইৰ পৰা লণ্ডনলৈ যোৱা এখন বিমানত যান্ত্ৰিক বিজুতি ধৰা পৰে। ততাতৈয়াকৈ পাইলটে এই সন্দৰ্ভত মুম্বাই বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি)ৰ সৈতে যোগাযোগ কৰে। বিমানখনে ঘূৰি অহাৰ সংকেত লাভ কৰি মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।
মুখপাত্ৰগৰাকীয়ে আৰু কয় যে ‘আমি ইতিমধ্যে সেই বিমানখনৰ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ প্ৰেৰণ কৰাৰ বিকল্প ব্যৱস্থা কৰিছো। কিন্তু কোনোবাই যদি বিচাৰে তেওঁলোকৰ বিমান ভাড়া সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হ’ব। আমি যাত্ৰীৰ সুৰক্ষা আৰু আৰামৰ ওপৰত গুৰুত্ব দিওঁ। সেইবাবে বিমান্খন মুম্বাইলৈ ঘূৰাই অনা হ’ল।’