তাৰকা বক্সাৰ লাভলিনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ : অতুল বৰা

লাভলিনা বৰগোঁহাই

গোলাঘাট জীয়ৰী তথা অসম কন্যা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোঁহাইয়ো খেলৰ অনুশীলনৰ সমান্তৰালভাৱে এতিয়া ব্যস্ত হৈ পৰিছে কৃষিকৰ্মত।

লাভলিনাই পথাৰত হৈ ভূঁই ৰুই থকা ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লাভলিনা কৃষি কৰ্মত জড়িত হৈ থকা এখন ফটো আজি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

খেলুৱৈ গৰাকীৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লাভলিনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ বুলি উল্লেখ কৰে বৰাই।

যিহেতু, বিশ্বত্ৰাস ক’ৰ’নাৰ আতংকৰ বাবে বিশ্বৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ বন্ধ হৈ আছে সেয়েহে নিজ গৃহত আবদ্ধ হৈ পৰিয়ালৰ লগত সময় কটাইছে তাৰকা বক্সাৰ গৰাকীয়ে।

লাভলিনাই ঘৰত থকাৰ সময়ত পিতৃক পথাৰত ভূঁইৰোৱা কাৰ্যতো সহায়ৰ হাত আগবঢ়াইছে।

‘পুৰুষ সমানেই খোজ দিবলৈ সক্ষম হৈছে আজি নাৰী শক্তি। খেতিপথাৰৰ পৰা আৰম্ভ হ’ব লাগে নাৰী সৱলীকৰণৰ নীৰৱ যাত্ৰা,’ কৃষিকৰ্মত জড়িত থকা লাভলিনাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বৰাই কয়

আনহাতে, লাভলিনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ বুলি উল্লেখ কৰি বৰাই কয় ‘যিহেতু অসমৰ অৰ্থনীতি, সমাজ ব্যৱস্থা, কৃষ্টি-সংস্কৃতি মূলতঃ কৃষি নিৰ্ভৰশীল, গতিকে যুৱশক্তি বিজ্ঞানসন্মত কৃষি কৰ্মত জড়িত হ’লে আমাৰ ৰাজ্যখন কিমানদূৰ আগুৱাই যাব সেয়া সহজেই অনুমেয়’৷

মনত প্ৰবল ইচ্ছা-উদ্যম থাকিলে সময় উলিয়াই কৃষি কৰ্মত নিজকে নিয়োগ কৰিব পাৰে এই ৰুচিবোধ গঢ়িলে কেৱল আপোনাৰেই নহয়, সমাজখনৰো যথেষ্ট সহায় হ’ব উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।