বিশ্ব বক্সিং প্ৰতিযোগিতাত দুবাৰকৈ পদক বিজয়ী লাভলিনা বৰগোঁহাইৰ শৰীৰত বৃহস্পতিবাৰে কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰিছে।
এক প্ৰশিক্ষণ তথা প্ৰতিযোগিতাৰ বাবে এটা ভাৰতীয় দলৰ সৈতে ইটালীলৈ যাত্ৰা কৰাৰ বাবে বিমানত উঠিবলৈ কেইঘন্টামান বাকী থাকোতেই লাভলিনাৰ পজিটিভ ধৰা পৰে।
ভাৰতৰ আন দুগৰাকী বক্সাৰ আন কাৰণত যাত্ৰা কৰিব নোৱাৰাৰ বিপৰীতে লাভলিনাই কৰ’না পজিটিভ হোৱাৰ বাবে যাত্ৰা বাতিল কৰিবলগীয়া হ’ল।
লাভলিনাই তেওঁৰ অসুখীয়া মাতৃৰ খৱৰ ল’বলৈ অসমৰ নিজৰ ঘৰলৈ আহি উভতি যোৱাৰ পাছতে কৰ’নাত আক্ৰান্ত হয়।
‘’দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী তথা অলিম্পিক কোটা বিজয়ী লাভলিনা বৰগোঁহাইৰ কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰিছে,’’-স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই এক বিবৃতিত এইদৰে কয়।
লাভলিনাই ইটালীত এক ৫২দিনীয়া প্ৰশিক্ষণ শিৱিৰত ভাৰতীয় দলৰ সৈতে যোগ দিবলৈ যোৱাৰ পূৰ্বে অসমৰ তেওঁৰ গৃহ চহৰত থকা অসুখীয়া মাকৰ খৱৰ ল’বলৈ ১১দিনৰ ছুটী লৈ গৈছিল। তেওঁ অসমৰ পৰা ১১ অক্টোবৰত উভতি অহাৰ পাছত নিয়ম অনুসৰি কৰা পৰীক্ষাত প্ৰথমতে নিগেটিভ ধৰা পৰে।
কিন্তু অসমৰ পৰা উভতি অহাৰ চাৰিদিন পাছত ১৫ অক্টোবৰত য়ুৰোপ যাত্ৰাৰ পূৰ্বে দিল্লীত পুনৰ পৰীক্ষা কৰাত তেওঁৰ পজিটিভ ধৰা পৰে। স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই এইকথা জানিবলৈ দিয়ে।
তেইশ বছৰীয়া লাভলিনা গুৱাহাটীৰ পৰা উভতি অহাৰ পাছৰে পৰা নিয়ম অনুসৰি আইছ’লেশ্যনত আছিল। বৰ্তমান তেওঁক চিকিৎসকৰ নিৰীক্ষণত প্ৰয়োজনীয় চিকিৎসাৰ বাবে ৰখা হৈছে।