• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বর্ণপদক অর্জন লাভলিনা বৰগোহাঁইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2019 8:20 am
109708-ftrpyizxsy-1546531584

লাভলিনা বৰগোহাঁই। ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ২১ বৰ্ষীয় প্ৰতিভাৱান মহিলা বক্সাৰ তথা অসম সন্তান লাভলিনা বৰগোহাঁয়ে ৰাছিয়াত চলি থকা ‘মাগোমেদ চালাম উমাখানোভ মেম’ৰিয়েল আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা’ৰ ৬৯ কিলোগ্ৰাম শাখাৰ ফাইনেলত দৰ্শনীয় প্ৰদৰ্শনেৰে স্বৰ্ণ পদক দখল কৰিছে।

শনিবাৰে অনুষ্ঠিত ফাইনেলত ইটালীৰ আছুন্টা কেনফ’ৰাক ৩-২ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত লাভলিনাৰ উপৰি ভাৰতৰ আন এগৰাকী বক্সাৰ নীৰজে স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে গৌৰৱ ছোলাংকীয়ে ৰূপৰ পদক লাভ কৰে।

প্ৰতিযোগিতাখনত ভাৰতে দুটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকসহ মুঠ ছয়টা পদক লাভ কৰে।

ইণ্ডিয়া অপেন ফাইনেলত আছুন্টা কেনফ’ৰাৰ হাতত ২-৩ ব্যৱধানত পৰাজিত হোৱা লাভলিনাই এইবাৰ আছুন্টাৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰস্তুতিৰে অৱতীৰ্ণ হৈছিল।

লাভলিনাই ছেমিফাইনেলত বেলাৰুচৰ প্ৰতিদ্বন্দী এলিনা ভেবেৰক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

আনহাতে, কোৱাৰ্টাৰ ফাইনেলত অসম সন্তানগৰাকীয়ে ৰাছিয়াৰ আনাষ্টাচিয়া চিগেভাক ৫-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল।

লাভলিনাই ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, ভিয়েটনামত ২০১৭ চনত অনুষ্ঠিত হোৱা এচিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনাই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

তদুপৰি, প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ২০১৮ চনত মংগোলিয়াত অনুষ্ঠিত হোৱা উলানবাটাৰ কাপ আৰু পোলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিলেচিয়ান চেম্পিয়নশ্চিপত ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক দখল কৰবলৈ সক্ষম হৈছিল।

লাভলিনাই ২০১৮ চনৰ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা এ আই বি এ মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

 

 

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd