NORTHEAST NOW (Assamese)

টীয়কত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নমুনা; দুদিনতে চপৰা-চপৰে এৰিছে ব্লেক টেপিং

November 4, 2020 4:58 pm · নিৰ্মলানেন্দু পাঠক

যোৰাহাট জিলাৰ টীয়কত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অতি নিম্নমানৰ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ৰাষ্ট্ৰীয় ঘাইপথৰ ভগ্ন অংশৰ মেৰামতিৰ মাত্ৰ তিনিদিন পাছতে পথত দিয়া ব্লেক টেপিং সমূহ চপৰা-চপৰে খহা পৰিলক্ষিত হৈছে।

পথৰ ওপৰত জমা হোৱা ধূলি-বালি আঁটৰ নকৰাকৈ ব্লেক টেপিং কৰাৰ ফলত ব্লেক টেপিং বোৰ চপৰা-চপৰে খহি যোৱা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে।

লিংকন নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে ক্ৰুটি পূৰ্ণভাৱে কৰা নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বহুবাৰ অভিযোগ দাখিল কৰাৰ পাছতো কানসাৰ নকৰাৰ অভিযোগ কৰিছে ৰাইজে।

উল্লেখযোগ্য যে, নিৰ্মাণকাৰী সংস্থাটোৱে পূৰ্বে নিৰ্মিত পথৰ ওপৰতে ব্লেকটেপিং কৰাৰ লগতে কোনোধৰণৰ ডব্লিউ বি এম কৰা নায়।

কেৱল নিম্নমানৰ বোকা ধূলিযুক্ত চেণ্ডগ্ৰেভেল দিয়েই ব্লেক টেপিং কৰি কাম অব্যাহত ৰাখিছে নিৰ্মাণকাৰী সংস্থাটোৱে।

ইপিনে, স্থানীয় কোনো লোকে কামৰ ক্ষেত্ৰত অভিযোগ দিলে ওলোটাই সন্থাটোৱে ভাবুকিহে প্ৰদান কৰে বুলিও স্থানীয় ৰাইজে লগতে কয়।

Related News