IPL 2024: আই পি এলত পুনৰ বিৰাট বিপৰ্যয়; চিন্নাস্বামীত LSGৰ মায়ংকৰ দুৰ্ধৰ্ষ বলিঙত বিধ্বস্ত RCB

বছৰ সলনি হৈছে, ক্ৰিকেটাৰো সলনি হৈছে, এই ছিজনত আনকি নামটোও সলনি হৈছে। কিন্তু আই পি এলত RCB ৰ ভাগ্য সলনি হোৱা নাই। পুনৰ পৰাস্ত হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। এই ছিজনত চাৰিখন মেচৰ ভিতৰত তিনিখন খেলতে পৰাস্ত হৈছে বিৰাট বাহিনী। ঘৰুৱা খেলপথাৰত আৰচিবিৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয়।

মঙলবাৰে ঘৰুৱা খেলপথাৰত ২৮ ৰানত পৰাস্ত হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)। পুনৰবাৰ ভাৰতীয় যুৱ পেচাৰ মায়ংক যাদৱে কে এল ৰাহুলৰ এই জয়ৰ অন্যতম নায়ক হিচাপে আত্মপ্ৰকাশ কৰে।

মঙলবাৰৰ দিনটোত সমগ্ৰ আৰ চি বিৰ মিডল অৰ্ডাৰ আপাততঃ মায়ংকৰ বলিঙৰ গতিত উৰি গ’ল। ৪ অভাৰত ১৪ ৰান দি ৩ টা উইকেট দখল কৰে পেচাৰগৰাকীয়ে। মায়ংকেই দুয়োটা দলৰ মাজত ব্যৱধান গঢ়ি তুলিছিল।

প্ৰত্যাশিতভাৱেই বেংগালুৰুৰ বেটিং ছাপৰ্ট পিটচত আৰ চি বিয়ে টছত জয়লাভ কৰি লক্ষ্ণৌক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। প্ৰথমে বেটিং কৰি কে এল ৰাহুলৰ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৮১ ৰান সংগ্ৰহ কৰে।

ডি’কক আৰু ৰাহুলৰ বেটিঙেৰে লক্ষ্ণৌৱে এক সুন্দৰ আৰম্ভণি কৰে। লক্ষ্ণৌৰ ৫৩ ৰানৰ পাছত প্ৰথমটো উইকেট লাভ কৰে আৰ চি বিয়ে। ২০ ৰানৰ অন্তত আউট হয় ৰাহুল। অৱশ্যে অধিনায়ক আউট হ’লেও ডি’ককে এক ডাঙৰ ইনিংছ খেলিছিল।

আনটো মূৰত এল এছ জিয়ে এটাৰ পিছত এটা উইকেট হেৰুৱাই থাকে। শেষত ডি ককে অকলে ৮১ ৰান সংগ্ৰহ কৰে। শেষত পুৰানে ২১টা বলত ৪০ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে। ফলত লক্ষ্ণৌই ১৮১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

চিন্নাস্বামী ষ্টেডিয়ামত ১৮২ ৰানৰ লক্ষ্য একেবাৰেই ডাঙৰ কথা নহয়। কিন্তু আৰ চি বিয়ে ৰান অনুসৰণ কৰি ভাল আৰম্ভণি কৰিব নোৱাৰিলে। পঞ্চম অভাৰত দলৰ মূল আশা বিৰাট কোহলি ২২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। পৰৱৰ্তী অভাৰত ১৯ ৰান সংগ্ৰহ কৰি উভতি আহে অধিনায়ক ডু প্লেছিছে। তেওঁ ৰাণ আউট হৈ পেভলিয়নলৈ ওভতে।

ইয়াৰ পিছতে আৰম্ভ হয় মায়ংক যাদৱৰ তাণ্ডৱ। মায়ংকে মিডল অভাৰবোৰত ৪ অভাৰ বলিং কৰি মাত্ৰ ১৪ ৰানহে দিয়ে। ভাৰতৰ নতুন পেচ সন্ত্ৰাস যাদৱে ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে।

এটা সময়ত আৰ চি বি ১০৩ ৰানত ৬টা উইকেট হেৰুৱাই চাপত পৰিছিল। তাৰ পৰাই লমৰোৰে প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল যদিও কামত নাহিল। শেষত ১৫৩ ৰানত আৰচিবিৰ ইনিংছ সমাপ্ত হয়। লক্ষ্ণৌৱে ২৮ ৰানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: ১৮১-৫ (ডি’কক ৮১, পুৰান ৪০)

আৰ চি বি: ১৫৩ (লমৰোৰ ৩৩, পাটিদাৰ ২৯)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৮ ৰানত জয়লাভ কৰে।