চেন্নাইক ৬ উইকেটত হৰুৱাই আইপিএলত প্ৰথম জয় লক্ষ্ণৌৰ

WhatsApp Image 2022-04-01 at 7.23.48 AM

আইপিএল-২০২২ত কলকাতা নাইট ৰাইডাৰ্ছৰ পিছত এইবাৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাততো পৰাজিত হ’ল চেন্নাই ছুপাৰ কিংছ। চেন্নাইক ৬উইকেটত হৰুৱাই আইপিএলত প্ৰথম জয় সাৱ্যস্ত কৰিলে লক্ষ্ণৌৱে।

ব্ৰেব’ৰ্ণ ষ্টেডিয়ামত বৃহস্পতিবাৰে টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি চেন্নাই ছুপাৰ কিংছে দুৰ্দান্ত আৰম্ভণি কৰে। অপেনাৰ ৰবীন উথাপ্পাই মাত্ৰ ২৭টা বলতে ৫০ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে। চেন্নাইয়ে পাৱাৰ-প্লেৰ ছয় অভাৰত ৭৩ৰাণ কৰি আইপিএলত অভিলেখো গঢ়ে।

লগতে পঢ়ক: ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী; বিতৰ্কৰ মাজত বিৰোধী ঐক্য

উথাপ্পাৰ উপৰি শিৱম ডুবেই ৩০টা বলত ৪৯ৰাণ আৰু মইন আলীয়ে২২টা বলত ৩৫ৰাণ কৰে। শেহৰ পিনে অধিনায়ক ৰবীন্দ্ৰ জাডেজাই ৯টা বলত ১৭ৰাণ আৰু ধোনীয়ে ৬টা বলত ১৬ৰাণ কৰে। চেন্নাইয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ২১০ৰাণৰ বিশাল স্ক’ৰ গঢ়ি তোলে।

ইপিনে, ২১১ৰাণৰ লক্ষ্য সন্মুখত ৰাখি খেলিবলৈ নমা লক্ষ্ণৌৰ দুই অপেনাৰ কুইন্টন ডি’কক আৰু লোকেশ ৰাহুলে বিস্ফোৰক বেটিঙেৰে ৯৯ৰাণৰ যুটী বান্ধে। লক্ষ্ণৌৰ ১১সংখ্যক অভাৰত প্ৰিটোৰাছে ৰাহুলক ৪০ৰাণত আউট কৰে। কিন্তু ডি’ককে ৪৫টা বলত ৬১ৰাণ কৰি আউট হয়।

লক্ষ্ণৌৰ অপেনাৰ দুজন আউট হোৱাৰ পিছত চাপ কিছু বৃদ্ধি পায় যদিও লক্ষ্ণৌক সেই চাপৰ পৰা মুক্ত কৰে  এভিন লুইচে। তেওঁ মাত্ৰ ২৩টা বলতে অৰ্দ্ধশতক কৰে। চলিত আইপিএলত এতিয়ালৈকে এইটোৱে দ্ৰুততম অৰ্দ্ধশতক।

লুইচৰ এই বিস্ফোৰক ইনিংছৰ উপৰি যুৱ খেলুৱৈ বাদোনিৰ ৯টা বলত কৰা ১৯ৰাণৰ ইনিংছৰ সহায়ত লক্ষ্ণৌৱে বিজয় সাৱ্যস্ত কৰে।

খেলখনত হাৰিলেও চেন্নাইৰ ডোয়েন ব্ৰেভোৱে অভিলেখ গঢ়ে। তেওঁ আইপিএলৰ ইতিহাসত সৰ্বোচ্চ উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।  

সংক্ষিপ্ত স্ক’ৰ:   

চেন্নাই ছুপা কিং: ২১০/৭ (উথাপ্পা ৫০, শিবম ডুবে ৪৯)
ক্ষ্ণৌ ছুপাজায়ন্ট: ২১১/৪ (কুইন্টন ডি’কক ৬১, লুই ৫৫)
খেলখনত ৬ উইকেট জয়ী ক্ষ্ণৌ ছুপাজায়ন্টছ।