ঘন্টাত ১৫৫.৮ কিলোমিটাৰ! অভিষেকতে IPLৰ দ্ৰুততম বল অখ্যাত ভাৰতীয় পেচাৰৰ, কোন এই মায়ংক যাদৱ?

ঘন্টাত ১৫৫.৮ কি.মি. – অভিষেকতে এইবাৰ আই পি এলৰ দ্ৰুততম বলটো কৰিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অখ্যাত ভাৰতীয় পেচাৰে। আকৌ সেইটোৱে যে কেৱল এটা দ্ৰুতগতিৰ বল, সেয়া অৱশ্যেই নহয়। বৰঞ্চ অভিষেকতেই বলিঙৰ গতিৰ ধুমুহাৰ সৃষ্টি কৰিছে এই ভাৰতীয় তৰুণ পেচাৰগৰাকীয়ে।    

আইপিএলৰ প্ৰথমটো বলেই আছিল ঘণ্টাত ১৪৬ কিলোমিটাৰৰ ওপৰত। মুঠতে তেওঁৰ ১৭টা বলৰ ভিতৰত মাত্ৰ পাঁচটাহে ১৪৫ কিলোমিটাৰৰ তলত আছিল। বাকী সকলো বলেই ১৪৫ কিলোমিটাৰৰ সীমা অতিক্ৰম কৰিছে।

পৰিসংখ্যা অনুসৰি তেওঁৰ প্ৰথম কেইটামান বলৰ গতি হ’ল প্ৰতি ঘণ্টাত – ১৪৭, ১৪৬, ১৫০, ১৪১, ১৪৯, ১৫৬, ১৫০, ১৪২, ১৪৪, ১৫৩, ১৪৯, ১৫২, ১৪৯, ১৪৭, ১৪৭, ১৪০, ১৪২ কিলোমিটাৰ। ইতিমধ্যে দুটা উইকেট দখল কৰিছে।

আই পি এলত তেওঁৰ প্ৰথম চিকাৰ হৈছে জনী বেয়াৰষ্টো। আৰু সেই বলটোৰ গতিবেগ আছিল ১৪৩ কিলোমিটাৰ। আৰু তেওঁৰ দ্বিতীয় চিকাৰ হৈছে প্ৰভাসিমৰন সিং। সেই বলৰ গতি আছিল ১৪৭ কিলোমিটাৰ।

কেনেকুৱা আছিল মায়ংকৰ ১৫৫.৮ কিলোমিটাৰৰ বলটো?

১২ নং অভাৰৰ প্ৰথমটো বল মায়ংকে ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ বেগত বলিং কৰে। যিটো আছিল তেওঁৰ দ্বিতীয় অভাৰ। শিখৰ ধাৱনে সোঁফাললৈ গৈ পজিচন লৈ বলটোত শ্বট মাৰিবলৈ চেষ্টা কৰে। কিন্তু পাঞ্জাব কিংছৰ অধিনায়কগৰাকী বলৰ গতিবেগত পৰাস্ত হয়। উইকেটৰ পিছফালে বলটো উইকেটৰক্ষক কুইণ্টন ডি ককৰ হাতত ধৰা পৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

কোন এই মায়ংক যাদৱ?

২১ বছৰীয়া মায়ংকে ঘৰুৱা ক্ৰিকেটত দিল্লীৰ হৈ খেলে। ২০০২ চনৰ ১৭ জুনত নতুন দিল্লীত তেওঁৰ জন্ম।

দিল্লীৰ হৈ এতিয়ালৈকে মায়ংকে মাত্ৰ এখন ৰঞ্জী মেচ খেলিছে। সেইখন তেওঁ ২০২২ চনৰ ডিচেম্বৰ মাহত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিছিল। প্ৰথম ইনিংছত ১৭.২ অভাৰত ৪৬ ৰান দি দুটা উইকেট দখল কৰিছিল।

মায়ংকে মুঠ ১৭ খন ‘লিষ্ট-এ’ মেচ খেলিছে। মুঠ ৩৪টা উইকেট লৈছে। গড় ২১.৫৫। ইকোনমি ৰেট ৫.৩৫। শ্ৰেষ্ঠ বলিং হ’ল – ৪৭ ৰানত চাৰিটা উইকেট। ভাৰতৰ অন্তিমখন ঘৰুৱা ৫০ অভাৰৰ প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত পাঁচখন খেল খেলিছিল। তাত ৬ উইকেট পাইছে।

শনিবাৰৰ আইপিএলৰ খেলখনৰ আগতে মাত্ৰ ১০ খন টী-২০ মেচ খেলিছে। তেওঁ ১২টা উইকেট দখল কৰে।

শনিবাৰে একানা ষ্টেডিয়ামত মায়ংকৰ পেচ ধুমুহাৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ তাৰকা ক্ৰুনাল পাণ্ডিয়াৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। তাত লক্ষ্ণৌৰ অস্থায়ী অধিনায়ক নিকোলাছ পুৰানে তেওঁক সুধিলে যে এই ছিজনৰ বাবে কোনজন যুৱ খেলুৱৈৰ ওপৰত দৃষ্টি থাকিব?

সেই প্ৰশ্নৰ উত্তৰত ক্ৰুনালে কয়, ‘মায়ংক যাদৱ। তেওঁ ফাষ্ট বলাৰ। তেওঁ দ্ৰুত গতিত বল কৰে। তেওঁক যিমান দেখিলোঁ, মোৰ মন উত্তেজিত হৈ পৰিছে। তেওঁ কেনেদৰে আগবাঢ়ি যায় চাব ​​বিচাৰো।‘