লুই বাৰ্জাৰ কেলেংকাৰি :চি বি আইৰ দলক আৰ টি আই কৰ্মী ভবেন সন্দিকৈৰ তথ্য দাখিল

Lui Barjar Scam Photo

গুৱাহাটী মহানগৰীত খোৱাপানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত সংঘটিত কেইবা কোটিটকীয়া লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তৰ বাবে আজি গুৱাহাটীলৈ অহা চি বি আইৰ দলে উক্ত কেলেংকাৰি সন্দৰ্ভত উচ্চ ন্যায়ালয়ত গোচৰ তৰা আৰ টি আই কৰ্মী ভবেন সন্দিকৈক উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়লৈ মাতি পঠায়।

চি বি আইৰ আৰক্ষী অধীক্ষক ৰাজীৱ ৰঞ্জন আৰু অবনীশ কুমাৰৰ সৈতে প্ৰায় ১ ঘন্টা ধৰি চলা আলোচনাৰ সময়ছোৱাত ভবেন সন্দিকৈয়ে কেলেংকাৰিৰ সৈতে জড়িত কেতবোৰ আনুসংগিক তথ্য চি বি আইক দাখিল কৰে।

উল্লেখযোগ্য যে পূৰ্বৰ ৰাজ্য চৰকাৰে ২০১৫ চনত এই গোচৰৰ চি আই ডি তদন্ত আৰম্ভ কৰিছিল যদিও উক্ত তদন্ত লেহেমীয়া হোৱাৰ লগতে তদন্তৰ অগ্ৰগতিৰ বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত নকৰোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৭ চনত গোচৰটোৰ তদন্তভাৰ চি বি আইক অৰ্পণ কৰে।

আজিৰ আলোচনাৰ পিছত সংবাদ মাধ্যমৰ আগত আহি তেওঁ তদন্ত প্ৰক্ৰিয়া ‘কিছু আগবঢ়া’ বুলি জানিবলৈ দি কয়, ‘যিসকল শীৰ্ষ আমোলা তথা ৰাজনৈতিক নেতা-মন্ত্ৰীৰ নাম বাৰে বাৰে চৰ্চাত আহিছে, তেওঁলোকক তদন্তৰ আওতালৈ আনি দোষী প্ৰমাণিত হ’লে যথাযথ শাস্তি প্ৰদান কৰিব লাগে। অন্যথা লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্ত কেতিয়াও সম্পূৰ্ণ নহয়।‘

উল্লেখযোগ্য যে, বিজেপিৰ পুস্তিকাত লুই বাৰ্জাৰ কেলেংকাৰিৰ সৈতে তেতিয়াৰ কংগ্ৰেছী মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নাম অন্তৰ্ভুক্ত আছিল বুলি দাবী কৰি সন্দিকৈয়ে লগতে কয়, ‘দুৰ্ভাগ্যৰ কথা সংসদীয় পৰিষদত যিটো দলে চি বি আই তদন্ত কৰিবৰ বাবে আহ্বান জনাইছিল, সেই দলটোৰে প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মা।‘

আনহাতে, চি বি আইক তেওঁ দাখিল কৰা তথ্যখিনি অসমৰ এনফৰ্চমেন্ট ডাইৰেক্টৰেটকো প্ৰদান কৰিছিল যদিও এইক্ষেত্ৰত তেওঁলোকে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তোলে ভবেন সন্দিকৈয়ে।