ভাৰতীয় ৰেলৱেৰ ভিতৰত লামডিং মণ্ডল শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰূপে পৰিগণিত; সম্বলপুৰ আৰু আহমেদাবাদ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত  

Lumding divission

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

ভাৰতীয় ৰেলৱে’ৰ সমগ্ৰ মণ্ডলসমূহৰ ভিতৰত প্ৰতিযোগিতাৰ মনোভাৱ আৰু মানসম্পন্নতা কাৰ্য্যকৰী কৰাৰ অৰ্থে কেনেদৰে মণ্ডলসমূহে ফলপ্ৰসুভাৱে বিভিন্ন ৰেল পৰিচালন, বিত্তীয় আৰু অন্যান্য সাংগঠনিক উদ্দেশ্যসমূহ সম্পাদন কৰিছে, তাৰবাবে ৰেলৱেইই কী পাৰফৰমেন্স ইণ্ডিকেটৰৰ(কেপিআই)এটা আৰ্হি প্ৰস্তুত কৰি তুলিছে।

কেপিআইএ সাধাৰণতে সুৰক্ষাত্মক কামকাজ, মালভাৰা আৰু যাত্ৰীৰ যাতায়ত, বিত্তীয় কৰ্ম সম্পাদন,গতিশীলতা, পুনৰ কাৰ্য্যকৰীকৰণ, ক্ষমতাৰ ব্যৱহাৰ, সম্পদৰ বিশ্বাসযোগ্যতা, নিয়মানুৱৰ্ত্তিতা, মানৱ সম্পদৰ বিকাশ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিৰীক্ষণ কৰে।

সমগ্ৰ মণ্ডলে প্ৰায় সমস্ত কেপিআইৰ বাবে মাহিলী ভিত্তিত ডাটা/তথ্যৰ অন্তৰ্ভূক্ত কৰাটো আৱশ্যক।

কিছুসংখ্যক কেপিআইৰ বাবে কেৱল ছয়মহীয়া সময়সীমাৰ আধাৰত মণ্ডলসমূহে তথ্য অন্তৰ্ভূক্ত কৰাটো আৱশ্যক।

কিছুসংখ্যক কেপিআইৰ বাবে চলিত বৰ্ষৰ কৰ্মসম্পাদন তুলনাত্মকভাৱে কৰা হয়। যেনে-সুৰক্ষাৰ কামকাজ, বিত্তীয় আৰু ব্যৱসায়জনিত প্ৰদৰ্শন, স্থায়ী গতিৰোধক অপসাৰণ আদি।

আনহাতে, কিছুসংখ্যক কেপিআইৰ কৰ্ম সম্পাদন চলিত বৰ্ষৰ কৰ্মসম্পাদনৰ তুলনাত যোৱ বৰ্ষৰ কামকাজ, যেনে- ৰেল ফ্ৰেকচাৰ, ইঞ্জিন ফেইলাৰ, চিগনেল ফেইলাৰ আদিৰ তুলনাত ৰেল সেৱাৰ উন্নতকৰণৰ অৰ্থে সম্পাদন কৰা হয়।

সংশ্লিষ্ট মণ্ডলসমূহৰ দ্বাৰা প্ৰহৰী নিযুক্ত এলচি গেটৰ অপসাৰণ, ট্ৰেকৰ নৱীকৰণ, ট্ৰেক আৰু টাৰ্ণ আউটৰ ডীপ স্ক্ৰীনিং, সম্পূৰ্ণ ৰাজহ, চানড্ৰাই আৰ্ণিং, প্ৰাৰম্ভ হোৱা ৰে’লত মালৰ লোডিং, প্ৰাৰম্ভিক যাত্ৰীৰ যাতায়ত, মালবাহী ৰেলৰ গতিবেগ বৃদ্ধি আদি বিভিন্ন বিষয়ত গুৰুত্ব প্ৰদান কৰা হয়।

অলপতে প্ৰকাশিত বিগত অক্টোবৰ মাহৰ কেপিআই ডাটা অনুসাৰে, উত্তৰ-পূব সীমান্ত ৰেলৱে লামডিং মণ্ডলে সৰ্ব্বোচ্চ স্থান অধিকাৰ কৰি ব্যতিক্ৰমী ৰূপত কৰ্ম সম্পাদন কৰিছে।

ইয়াৰ ঠিক পাছতেই সম্বলপুৰ মণ্ডলে দ্বিতীয় আৰু আহমেদাবাদে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

সমগ্ৰ মুঠ নম্বৰৰ ভিতৰত লামডিং মণ্ডলে ৯৪ শতাংশ লাভ কৰিবলৈ সক্ষম হয়। বিগত অক্টোবৰ মাহত লামডিং মণ্ডলৰ নিয়মানুৱৰ্তিতাৰ প্ৰদৰ্শন ৯৫ শতাংশ আৰু সুৰক্ষাজনিত কামকাজত ১০০ শতাংশ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ ভাৰতীয় ৰেলৱেৰ সমস্ত মণ্ডলসমূহৰ ভিতৰত প্ৰাপ্ত এই সফলতা কঠোৰ পৰিশ্ৰম, মণ্ডলসমূহৰ আৰু মুখ্য কাৰ্য্যালয়ৰ সকলো স্তৰৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীৰ দ্বাৰা কৰা পৰিকল্পনা, পৰ্যবেক্ষণ আৰু কৰ্মসম্পাদনৰ বাবে সম্ভৱ হৈছে বুলি লামডিং মণ্ডলৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰিছে।