কাইলৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ।
বিশ্বৰ কেইবাখনো দেশৰ পৰা কাইলৈ চন্দ্ৰটো ৰঙা হৈ পৰা দেখা যাব।
ভাৰতত অৱশ্যে আংশিকভাৱেহে পূৰ্ণগ্ৰাসী চন্দ্ৰ প্ৰত্যক্ষ কৰিব পৰা যাব।
আকাশত চন্দ্ৰ উদয় হোৱাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াক স্পষ্টভাৱে দেখা পোৱা যাব।
পশ্চিম বংগৰ কিছু অংশ, ঊৰিষ্যাৰ সাগৰীয় উপকূলীয় কিছু অঞ্চল আৰু আন্দামান- নিকোবৰ দ্বীপপুঞ্জৰ পৰাও দেখা পোৱা যাব চন্দ্ৰগ্ৰহণটো।
ভূবিজ্ঞান মন্ত্ৰালয়ে জনোৱামতে, চন্দ্ৰগ্ৰহণটো ভাৰতত আংশিকভাৱে দেখা পোৱা যাব আবেলি ৩.১৫ বজাৰ পৰা।
ভাৰতৰ উপৰিও নেপাল, পশ্চিম চীন, মংগোলীয়া আৰু ৰাছিয়াৰ পূব অংশৰ পৰা আংশিক চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।
পূৰ্ণ চন্দ্ৰগ্ৰহণটো আবেলি ৪.৫৮ বজাত শেষ হ’ব যদিও আংশিক চন্দ্ৰগ্ৰহণটো শেষ অন্ত পৰিব সন্ধ্যা ৬.২৩ বজাত।
উত্তৰপূৰ্বাঞ্চলৰ আগৰতলা, আইজল, চেৰাপুঞ্জি, গুৱাহাটী, ইম্ফল, ইটানগৰ, পাছিঘাট, শিলচৰ, কোহিমা, লামডিং, উত্তৰ লখিমপুৰ, শ্বিলং, শিৱসাগৰ আৰু আইজলৰ পৰা চন্দ্ৰগ্ৰহণটো প্ৰত্যক্ষ কৰিব পৰা যাব।
আনহাতে, কলকাতা, কোচবিহাৰ, ডাইমণ্ড হাৰ্বাৰ, দীঘা, মালদা, পাৰাডী, পৰ্ট ব্লেয়াৰ, পুৰীৰ পৰাও গ্ৰহণটো দেখা পোৱা যাব।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জনোৱামতে, পূৰ্ণ চন্দ্ৰগ্ৰহণটো চন্দ্ৰ অস্ত যোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা, মেক্সিকো, মধ্য আমেৰিকা, ইকুৱেডৰ, পেৰু, চিলী আৰু আৰ্জেণ্টিনাত সম্পূৰ্ণভাৱে দেখা পোৱা যাব।
ইয়াৰ পৰৱৰ্তী চন্দ্ৰগ্ৰহণটো ভাৰতত দেখা পোৱা যাব চলিত বৰ্ষৰ ১৯ নৱেম্বৰত।