কা-বিৰোধী আন্দোলনৰ সময়ত চাচনীৰ ধান বিক্ৰী কৰি ৰাইজে দিয়া ধন আছুক অৰ্পণ কৰিলে লুৰীণে

বিদায়ী বেলাত ৰাইজৰ উপহাৰ আছুৰ সভাপতি-সম্পাদকৰ হাতত দি গ’ল লুৰীণে

কা বিৰোধী আন্দোলনৰ আৱেগিক মুহূৰ্তত উচ্চতম ন্যায়ালয়ত আইনী যুঁজ দিবৰ বাবে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ হাতত নাহৰকটীয়াৰ চাচনীৰ জনসাধাৰণে ধান বেছি দিয়া ধন তথা অন্যান্য লোকৰ আৰ্থিক সাহায্য নতুনকৈ দায়িত্ব লোৱা সভাপতি-সম্পাদকৰ হাতত তুলি দিয়ে।

মুঠ ৫,৫১,১৫২ টকা আছুৰ সভাপতি দীপাংক নাখ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হাতত তুলি দিয়ে লুৰীণজ্যোতিয়ে।

তেওঁ লগতে কোনে কিমান ধনৰাশি দিছিল তাৰো এক হিচাপ দাঙি ধৰে।

চাঁচনীৰ ধানৰ ৰাহি ধন: ২,৩০,০০০/-,

তালাপ মহিলা সমিতি: ১০,৫০০/-

ডাঙৰী মিৰিপথাৰবাসী: ১৮,০০/-

চিৰাজুলি, ঢেকিয়াজুলি: ২১,১০০/-

তালাপ বাকৰিতলি গাঁও: ১৫০০/-

বৃহত্তৰ কলিয়াপানী আঞ্চলিক যুৱ সমাজ: ২১,০০০/-

সংগ্ৰাম সজাগতা সচেতন মহিলা, কোঁৱৰবাম, কাকজান হাবি আৰু কমাৰগাঁও: ১০,০০১/-

গোলাঘাট মাৰোৱাৰী সমাজ: ১,০০০০০/-

ডিব্ৰুগড় লেঙেৰীৰ চাউলৰ ধন: ৮১,১৪০/-

টিংখং: ৪৪,২১০/-

চিলাপথাৰ বামগাঁৱৰ মহিলা সমাজ: ৩০,০০০/-

ইপিনে, ৰাইজে আগবঢ়োৱা এই ধনৰাশিত মানুহৰ জাতিপ্ৰেম জৰিত হৈ আছে বুলি লুৰীণে উল্লেখ কৰে।

তেওঁ আৰু কয় ‘এই ধনত সংগ্ৰামী লোকৰ হাতৰ পৰশ আছে। জাতিক নেতৃত্ব দিয়াৰ আশা আছে আৰু জাতিক জীয়াই ৰখাৰ সপোনো ইয়াত জৰিত হৈ আছে।কা-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া হিচাপে সদৌ অসম ছাত্ৰ সন্থাকে সেইসকল ৰাইজে শেষ আশা হিচাপে লৈছিল।‘

উল্লেখযোগ্য যে, কা-বিৰোধী আন্দোলন কিছু স্তিমিত হোৱাৰ সময়তে বিশেষকৈ বিজেপিৰ আই.টি চেলৰ সদস্য আৰু অন্যান্য হিন্দুত্ববাদী সংগঠনৰ নেতা-কৰ্মীয়ে এই ধান-চাউল বিক্ৰী কৰি লাভ কৰা ধনৰাশি আছুৰ নেতৃত্বই কি কৰিলে বুলি প্ৰশ্ন কৰাৰ লগতে ছ’চিয়েল মেডিয়াত সমালোচনা কৰি তেওঁলোকে নিজৰ ব্যক্তিগত কামত সেই ধনৰাশি ব্যৱহাৰ কৰা বুলি কৈছিল।

তাৰ পাছতে এক প্ৰত্যুত্তৰ দি এই ধনৰাশিৰ হিচাপ দাঙি ধৰে লুৰিণজ্যোতিয়ে।