NORTHEAST NOW (Assamese)
অসম

অসমীয়াক বিদেশী বুলি চোঁচৰাব কিয়? অন্নবালা ৰায়ৰ গ্ৰেপ্তাৰক লৈ মুখ্য মন্ত্ৰীলৈ পত্ৰ আছুৰ

Posted by: এন ই নাও নিউজ July 11, 2018 7:05 pm
Annabala rai aasu

চিৰাং জিলাৰ এংকৰবাৰী গাঁৱৰ অন্নবালা ৰায়ক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি ঘৰৰ পৰা চোঁচৰাই নিয়া ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ জৰিয়তে দোষীক শাস্তি দিয়াৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাই এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

আছুৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত বিদেশী ন্যায়াধিকৰণ আৰু আৰক্ষীৰ ভূমিকাক লৈও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে।

মহিলাগৰাকীক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ ‘পিছদিনাখনেই’ তেওঁ যে বিদেশী নহয় সেই কথা প্ৰমাণ হোৱাৰ ঘটনাক ‘গৰিহণাযোগ্য’ আৰু ই ন্যায়াধিকৰণৰ বিশ্বাসযোগ্যতাক লৈয়ো প্ৰশ্ন উঠাইছে বুলি আছুৱে দাবী কৰিছে। ‘নিশ্চিত নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা কাৰ্য্য গৰিহণাৰ যোগ্য। এগৰাকী অসমীয়া মহিলাক বিদেশী বুলি ন্যায়াধিকৰণে ভুলকৈ ৰায় দিছে। এয়া চূড়ান্ত অবিচাৰ,’ ন্যায়াধিকৰণ সন্দৰ্ভত আছুৰ মন্তব্য।

কেইবাখনো বিদেশী ন্যায়াধিকৰণে ‘ভালকৈ কাম নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কাম-কাজত পুনৰীক্ষণ কৰাৰ বাতৰি’ৰ প্ৰসংগও আছুৱে উত্থাপন কৰিছে।

আনহাতে আৰক্ষীয়ে মহিলাগৰাকীক ঘৰ পৰা চোঁচৰাই নিয়া কাৰ্য্যক ‘বৰ্বৰ, মৰ্মান্তিক আৰু অন্যায়’ বুলি উল্লেখ কৰি আছুৱে কয় যে ‘কোনো ব্যক্তিৰ বেলিকাই আৰক্ষীৰ এনে আচৰণ অকণো শোভনীয় আৰু গ্ৰহণযোগ্য নহয়।’

জিলা বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত যোৱা ২৩ জুনত সীমান্ত আৰক্ষীয়ে অন্নদাবালা ৰায়ক ঘৰৰ পৰাই চোঁচৰাই নিয়াৰ ভিডিঅ’ চ’চিয়েল মীডিয়াত ভাইৰেল হৈছিল। এবাৰ বিদেশী বুলি ঘোষণা কৰাৰ পিছত যোৱা ৪ জুলাইত মহিলাগৰাকীক পুনৰ বিদেশী নহয় বুলি ডিটেনশ্যন কেম্পৰ পৰা চিৰাং বিদেশী ন্যায়াধীকৰণে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।

আক্ৰছু আৰু খিলঞ্জীয়া মঞ্চই কোঁচ-ৰাজবংশী সম্প্ৰদায়ৰ মহিলাগৰাকীক এইদৰে অন্যায়ভাৱে বিদেশী বুলি ৰায় দিয়াক লৈ তীব্ৰ প্ৰতিবাদ জনাইছিল।