NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ মন্দিৰত পুনৰ খলিস্তানীৰ তাণ্ডৱ; ভাৰত বিৰোধী শ্লোগান, মোডীক ভাবুকি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2023 10:26 am

আমেৰিকাত পুনৰ খালিস্তান পন্থীৰ তাণ্ডৱ। শিখ বিচ্ছিন্নতাবাদী সংগঠনে পুনৰ লক্ষ্য কৰি লৈছে হিন্দু মন্দিৰ। খালিস্তানীসকলে কেলিফৰ্ণিয়াৰ এটা মন্দিৰৰ দেৱালত লিখিলে ভাৰত বিৰোধী শ্লোগান। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো ভাবুকি দিয়া হৈছে।

হিন্দু আমেৰিকান ফাউণ্ডেচনে ইয়াৰ এক্স হেণ্ডেলত মন্দিৰৰ আক্ৰমণৰ সন্দৰ্ভত অৱগত কৰিছে। তেওঁলোকে কয়, কেলিফৰ্ণিয়াৰ নেৱাৰ্কৰ স্বামীনাৰায়ণ মন্দিৰৰ দেৱালত খালিস্তানীসকলে ভাৰত বিৰোধী শ্লোগান লিখিছে। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো ভাবুকি দিয়া হৈছে।

নেৱাৰ্ক আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ খবৰ আমেৰিকাৰ ন্যায় বিভাগৰ নাগৰিক অধিকাৰ বিভাগকো দিয়া হৈছে। অৱশ্যে আমেৰিকাত এইটোৱে এনে প্ৰথম ঘটনা নহয়। ইয়াৰ আগতেও হিন্দুসকলৰ উপাসনাস্থলী খালিস্তানীসকলৰ ৰোষত পৰিছে।

লগতে পঢ়কঃ ৩০৩ জন ভাৰতীয়ক লৈ ফ্ৰান্সত অৱতৰণ বিমান, ঘেৰি ধৰিলে আৰক্ষীয়ে; গ্ৰেপ্তাৰ ২ জন, চলিছে তদন্ত

উল্লেখ্য যে খালিস্তানীয়ে সমগ্ৰ বিশ্বতে ভাৰত বিৰোধী কাম-কাজ চলাই আছে। বিগত সময়ত অষ্ট্ৰেলিয়াৰ লণ্ডনত থকা হিন্দু মন্দিৰত খালিস্তানীয়ে আক্ৰমণ চলাইছিল। মেলবৰ্ণ আৰু ছিডনীৰ কেইবাটাও হিন্দু মন্দিৰত সংঘটিত হোৱা আক্ৰমণক লৈ দিল্লীয়ে বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে।

বিশেষকৈ কানাডাত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছৰে পৰা বিচ্ছিন্নতাবাদীসকলে প্ৰতিশোধৰ ভাবুকি দি আহিছে।

প্ৰসংগক্ৰমে, ভাৰত বিভাজনৰ সময়ত শিখ সম্প্ৰদায়ৰ এটা অংশই পৃথক খালিস্তান ৰাষ্ট্ৰৰ দাবী কৰিছিল। সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবীত আন্দোলন চলিছিল। তেতিয়াৰ চৰকাৰে শিখৰ দাবী মানি লোৱা নাছিল। কিন্তু তাৰ পাছতেই আন্দোলনটো জাৰ্নেল ভিন্দ্ৰওৱালেৰ নেতৃত্বত সংগঠিত হয়।

লগতে পঢ়কঃ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

১৯৮৪ চনৰ ১ জুনৰ পৰা ১০ জুনলৈ ভাৰতীয় সেনাই ভিন্দ্ৰওৱালে আৰু তেওঁৰ সহযোগীসকলক নিঃশেষ কৰিবলৈ স্বৰ্ণ মন্দিৰত অভিযান চলায়। ভিন্দ্ৰওৱালেৰ মৃত্যু হয়। সেই অপাৰেচনৰ নাম আছিল অপাৰেচন ব্লু ষ্টাৰ।