সংসদত হোৱা আক্ৰমণৰ সময়ত বিজেপিৰ সকলো সাংসদে ভয়তে পলায়ন কৰিছিল : ৰাহুল গান্ধী

“মোডীৰ নীতিৰ বাবেই দেশৰ জনসাধাৰণে চাকৰি পোৱা নাই। সংসদত নিৰাপত্তা ভংগৰ বাবে দায়ী নিবনুৱা সমস্যা।” শুকুৰবাৰে সংসদৰ শীতকালীন অধিৱেশন সমাপ্ত হোৱা দিনটোত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এইদৰে নৰেন্দ্ৰ মোডী চৰকাৰক আক্ৰমণ কৰে।
শুকুৰবাৰে সামৰণি পৰে সংসদৰ শীতকালীন অধিৱেশনৰ। উক্ত দিনটোতে সংসদ অধিৱেশনৰ পৰা বহিষ্কৃত হোৱা ১৪৬জন সাংসদে ৰাজধানীৰ যন্তৰ-মন্তৰৰ সন্মুখত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। এই প্ৰতিবাদৰ পূৰ্বে ৰাহুল গান্ধীয়ে তীক্ষ্ণ ভাষাৰে বিজেপিক সমালোচনা কৰে।
কংগ্ৰেছৰ সাংসদগৰাকীয়ে দুজন যুৱকে নিয়ম ভংগ কৰি লোকসভাত প্ৰৱেশৰ ঘটনাৰ কথা উল্লেখ কৰি নিবনুৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে ঘটনাৰ সময়ত যেতিয়া প্ৰতিবাদকাৰীসকলে দৰ্শকৰ গেলেৰীৰ পৰা জপিয়াই পৰিছিল তেতিয়া বিজেপিৰ সাংসদসকল পলাই গৈছিল।
গান্ধীয়ে কয় , ”যিসকলে নিজকে দেশপ্ৰেমিক বুলি কয়, তেওঁলোকৰ “হাৱা উৰি গ’ল। আপোনালোকে টিভিত সেয়া দেখা নাপাব কিন্তু আমি দেখিলোঁ।”
ৰাহুল গান্ধীয়ে লগতে কয় যে সংস্থাপনৰ অভাৱত দেশৰ যুৱক-যুৱতীসকলে দিনটোত প্ৰায় চাৰে সাত ঘণ্টা ছ’চিয়েল মিডিয়াত কটাবলগীয়া হৈছে।