NORTHEAST NOW (Assamese)
অসম

উজনিৰ কেইবাখনো চাহ বাগিচাৰ কৰ্তৃপক্ষলৈ আলফাৰ ধন দাবী পত্ৰ

Posted by: এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া : November 26, 2017 12:24 pm
উজনিৰ কেইবাখনো চাহ বাগিচাৰ কৰ্তৃপক্ষলৈ আলফাৰ ধন দাবী পত্ৰ

শেহতীয়া কেইটামান দিনত তিনিচুকীয়া জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত আলফা (স্বা)ই ব্যাপক ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। প্ৰধানকৈ চাহ বাগিচাৰ মালিকপক্ষলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। কিছুমান কৰ্তৃপক্ষই আলফা স্বাধীনৰ এই ধন দাবীৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিছে যদিও বহুতে নিজৰ নিৰাপত্তাৰ শংকাত ইয়াক গোপনে ৰাখিছে বুলিও কিছুমান সূত্ৰই দাবী কৰে। আৰক্ষীৰ এটা সূত্ৰই আমাক জনোৱা মতে যোৱা ২৩ নৱেম্বৰত চাম ডাং চাহ বাগিচাৰ পৰিচালকলৈ আলফা (স্বা)ই এখন ধন দাবী পত্ৰ প্ৰেৰণ কৰাৰ অভিযোগ তেওঁলোকে লাভ কৰিছে। আলফাৰ পত্ৰখনত বাগিচাৰ কৰ্তৃপক্ষক এক কোটি টকা দাবী কৰা বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে।  কানহ পথাৰ চাহ বাগিচাৰ পৰিচালকলৈও আলফাই ৪০ লাখ টকা দাবী কৰি ধনদাবী পত্ৰ প্ৰেৰণ কৰা বুলিও একেটা সূত্ৰই জনায়।