NORTHEAST NOW (Assamese)
অসম

এন আৰ চি সম্পূৰ্ণ হ’লেহে অসমত বিদেশী থকা-নথকাটো স্পষ্ট হ’ব : বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

Posted by: এন ই নাও নিউজ April 9, 2018 8:46 am
2016_12$largeimg16_Dec_2016_150222952

এন আৰ চি সম্পূৰ্ণ হ’লেহে অসমত বিদেশী থকা-নথকাটো স্পষ্ট হ’ব বুলিও মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী বৰখাৰুৱাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধিৱেশনত এই মন্তব্য কৰে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে।

বাথৌ ধৰ্ম সনাতন ধৰ্মৰে এটা অংগ। আগন্তুক দিনত ধৰ্ম আৰু সংস্কৃতি ধৰি ৰাখিবলৈ বাথৌ মহাসভাই বলিষ্ঠ ভূমিকা লৈছে বুলি ৰঞ্জিত দাসে ভাষণ প্ৰসংগত ব্যক্ত কৰে।

বাথৌ মহাসভাৰ পৰমেশ্বৰ ব্ৰহ্মই সভাপতিত্ব কৰা মুকলি সভা উদ্বোধন কৰি বিজেপি সভাপতি ৰঞ্জিৎ দাসে মাঘ মাহৰ দ্বিতীয় মঙলবাৰৰ দিনটো বাথৌ ধৰ্মৰ বাবে চৰকাৰী বন্ধৰ তালিকাভুক্ত কৰাৰ কথাও সদৰী কৰে।

বাথৌ ধৰ্ম যাতে আন অজনজাতি লোকৰ মাজলৈ বিস্তাৰিত কৰি সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সমন্বয় গঢ়িব পাৰে তাৰ বাবে পদক্ষেপ লোৱাৰ বাবে বাথৌ ধৰ্মৰ লোকসকলক আহ্বান জনায় ৰাজ্যিক সভাপতিগৰাকীয়ে।

সভাত এন ডি এফ বি (প্ৰ)ৰ সভাপতি ধীৰেন বড়ো উপস্থিত থাকি ভাষণত কয় যে বড়োসকলৰ বাথৌ ধৰ্মৰ বৈজ্ঞানিক ভিত্তি আছে। বাথৌ ধৰ্মক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব বুলি উল্লেখ কৰি বৰ্তমান সময়ত বড়োসকলৰ একাংশ ৰাজনৈতিক ব্যক্তিৰ প্ৰৰোচনাত ধৰ্মৰ নামত ভাগ ভাগ কৰা কাৰ্যক তেওঁ সমালোচনা কৰে।

সভাত নিখিল বাথৌ মহাসভাৰ সাংগঠনিক সম্পাদক কান্তেশ্বৰ বৰগয়াৰী, সন্মানীয় অতিথি পশ্চিম বংগৰ ৰমেশ চন্দ্ৰ চুবাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনহাতে, সংবাদ মাধ্যমৰ আগত বিজেপি সভাপতিগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ দিন এন আৰ চিৰ কামৰ কাৰণে ধাৰ্য  কৰিব পৰা নাই বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয় সভাপতিগৰাকীয়ে। তদুপৰি, নিৰ্বাচনৰ বাবে  ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণ সাজু  বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ নাগা চুক্তি সন্দৰ্ভত অসমৰ এক ইঞ্চি ভূমিও নাগালেণ্ডত নোসোমাই বুলি স্পষ্ট কৰি দিয়ে। নাগা চুক্তি হ’লে অসমৰ ভূমি নাগালিমত সোমাব বুলি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা বুলি সংবাদ মাধ্যমকহে জগৰীয়া কৰে ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে।