NORTHEAST NOW (Assamese)
অসম

গহপুৰত বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ

Posted by: এন ই নাও নিউজ May 16, 2018 10:25 am
elephent

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰি থকাৰ সময়তে গহপুৰতো অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। প্ৰাপ্ত তথ্য মতে মঙলবাৰে নিশা গহপুৰ অঞ্চলৰ কেইবা ঠাইতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

নিশা অচম্বিতে বনৰীয়া হাতীৰ জাকে চলোৱা তাণ্ডৱৰ ফলত বহু লোকে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ইতিমধ্য বহু লোকে বনৰীয়া হাতীৰ তাণ্ডৱৰ ভয়ত নিজ গৃহ এৰি পলায়ন কৰিছে নিৰাপদ ঠাইলৈ।

ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকে খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ বন বিভাগে হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ তাণ্ডৱে গহপুৰ বাসীক জ্বলা-কলা খুৱাইছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰ তথা বন বিভাগে। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে। বন বিভাগক স্থানীয় ৰাইজে হাতীৰ তাণ্ডৱৰ বিষয়ে অৱগত কৰিছে যদিও এই ক্ষেত্ৰত নিৰ্লিপ্ততা প্ৰদৰ্শন কৰাৰহে অভিযোগ উঠিছে।

এই ক্ষেত্ৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি বন বিভাগক উচিত পদক্ষেপ ল’বলৈ স্থানীয় ৰাইজে দাবী জনাইছে।