NORTHEAST NOW (Assamese)
অসম

নুমলীগড়ৰ সমীপত দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ ব্যুৰো December 6, 2017 6:47 pm
নুমলীগড়ৰ সমীপত দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

ৰাজ্যখনত শেহতীয়াভাৱে চলি অহা হাতী-মানুহৰ ক্ৰমবৰ্ধিত সংঘাতৰ সময়তে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ৰাংচালি অঞ্চলৰ লখৌপাহাৰত উদ্ধাৰ হৈছে দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ। প্ৰাপ্ত তথ্য মতে, স্থানীয় ৰাইজে পুৱা এজনী প্ৰাপ্তবয়স্ক মাইকী হাতীৰ লগতে এটা প্ৰায় ৬ মহীয়া হাতী পোৱালিৰ মৃতদেহ দেখা পাই তৎক্ষণাত বন বিভাগক খবৰ দিয়ে। মন কৰিব লগীয়া যে উদ্ধাৰ হোৱা মাইকী হাতীজনী শুঁৰ কটা অৱস্থাত পোৱা গৈছে। জানিব পৰা মতে হাতী দুটাৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বন বিভাগে হাতী দুটাৰ মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে। আনহাতে স্থানীয় ৰাইজে হাতী দুটা কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।