NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ শিলবাৰীত পথ দুৰ্ঘটনা: এজন ছাত্ৰ নিহত আৰু এজন আহত

Posted by: শশাংক তালুকদাৰ March 5, 2018 11:21 am

দেওবাৰে নিশা বাক্সা জিলাৰ ১২৭”এ” নং ৰাষ্ট্ৰীয় ঘাই পথৰ শিলবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা মন্টু বড়ো ওৰফে জয়সাগৰ(১৩)ক আজি উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাতেই মৃত্যুক সাৱতি লয়।

শিলবাৰী এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ মন্টু বড়ো ওৰফে জয়সাগৰ বাক্সা জিলাৰ শিলবাৰী অঞ্চলৰ দংপাৰ নিৱাসী জয়ন্ত বড়োৰ দ্বিতীয় পুত্ৰ বুলি জানিব পৰা গৈছে।

আনহাতে কালি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটোতে শিলবাৰী হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ কুলদীপ বড়ো(১৫)ও গুৰুতৰ ভাৱে আহত হৈছিল। সম্প্ৰতি কুলদীপ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে |

উল্লেখযোগ্য যে কালি মণ্টু বড়ো, কুলদীপ বড়ো সহিতে আন দুজন বন্ধুৱে ভোটেপোৱাবড়ীত দৌল মহোৎসৱ চাব গৈছিল। নিশা প্ৰায় ১২.৩০ মান বজাত ঘূৰি আহোতে চাৰি বন্ধুৱে ১২৭ ‘এ’ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত কিছু সময় ৰয়। সেই সময়খিনিতে উত্তৰ দিশৰ পৰা অহা পাঠশালা অভিমূখী টাটা মোবাইল গাড়ী এখনে চাইকেল সহ দুজন বন্ধুক মহতীয়াই লৈ যায়|

গুৰুতৰ ভাৱে আহত কিশোৰ দুজনক লগে লগে পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তী কৰোৱা হয় যদিও উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে| আৰু গুৱাহাটীলৈ আনি থকা অৱস্থাতে ইয়াৰে মণ্টু বড়োয়ে মৃত্যুক আকোৱালি লয়।