NORTHEAST NOW (Assamese)
অসম

মাজুলীক জৈৱিক কৃষিক্ষেত্ৰৰূপে গঢ় দিয়াৰ আঁচনি : কৃষি বিজ্ঞানীৰে উপায়ুক্তৰ বৈঠক

Posted by: মিটু খাটনিয়াৰ May 13, 2018 1:36 pm
organic farming

কৃষি বিভাগৰ পৃষ্ঠপোষকতাত মাজুলীক ৰাজ্যৰ প্ৰধান জৈৱিক কৃষিক্ষেত্ৰৰূপে গঢ়াৰ বাবে প্ৰস্তুতি চলাইছে মাজুলী জিলা প্ৰশাসনে। এইক্ষেত্ৰত এক উপযুক্ত প্ৰকল্প প্ৰস্তুত কৰি মাজুলীক জৈৱিক কৃষিৰ ‘হাব’ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিশেষ উদ্যোগ লৈছে জিলা প্ৰশাসনে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত গঠিত ‘মাজুলী অৰ্গেনিক হাব জিলা স্তৰীয় সমিতি’ৰ শুকুৰবাৰে এখন গুৰত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত।

উপায়ুক্ত মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠক খনত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ড০ ৰূপম বৰগোঁহাই, অসম কৃষি বিশ্ব বিদ্যালয়ৰ কৃষি বিজ্ঞানী ড০ মৃণাল শইকীয়া, জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠক, সহকাৰী আয়ুক্তদ্বয় অচ্যুৎ বৰুৱা আৰু নিতিষা বৰাই অংশ গ্ৰহন কৰে।

‘মাজুলী অৰ্গেনিক হাব’ যুগুতোৱাৰ বিষয়ত বৈঠকত উপায়ুক্ত গৰাকীয়ে দুয়োগৰাকী কৃষি বিজ্ঞানী আৰু জিলা কৃষি বিষয়াৰ লগত বৃস্তিতভাৱে আলোচনা কৰে। ইতিমধ্যে কৃষি বিজ্ঞানী দুজনে যুগুত কৰি অনা এই বিষয়ত খচৰা প্ৰকল্প প্ৰতিবেদন এখন বৈঠকত বিষদভাৱে চৰ্চা কৰা হয়।

পৰম্পৰাগত কৃষি পদ্ধতিত অভ্যস্ত মাজুলীৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ, কীটনাশক, অপতৃণ নাশক আদি সম্পূৰ্ণৰূপে পৰিহাৰ কৰি জৈৱিক কৃষিত নিয়োজিত হ’বলৈ উৎসাহিত কৰাৰ লগতে ভৱিষ্যৎ উৎপাদিত জৈৱিক শস্যৰ উপযুক্ত বজাৰ সৃষ্টি আদি দিশকো সামৰি এটা ফলপ্ৰসু আৰু বহনক্ষম জৈৱিক কৃষিক্ষেত্ৰ প্ৰকল্প মাজুলীৰ বাবে প্ৰস্তুত কৰাত উপায়ুক্ত গুৰুত্ব আৰোপ কৰে।

এই সকলো দিশ সামৰি এটা পূৰ্ণাংগ প্ৰকল্প যুগুত কৰি সমিতিক দাখিলৰ বাবে দুয়োগৰাকী কৃষি বিজ্ঞানীক সভাত উপায়ুক্তই দায়িত্ব দিয়ে। এই পূৰ্ণাংগ প্ৰকল্প প্ৰস্তাৱক পিছত জিলাস্তৰীয় সমিতিখনে ৰাজ্য চৰকাৰক দাখিল কৰি মাজুলীত জৈৱিক কৃষিক্ষেত্ৰ প্ৰতিষ্ঠাৰ দিশে আগবাঢ়িব ।