NORTHEAST NOW (Assamese)
অসম

ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী : গৃহ বিভাগৰ বিৰুদ্ধে ক্ষোভ মটক যুৱ ছাত্ৰ পৰিষদৰ

Posted by: এন ই নাও নিউজ April 30, 2018 1:26 pm
31189643_1942875795725254_5465004773562384384_n-570x320

আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পৰাই নিৰুদ্দেশ হৈ আছে। আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে ৰাজ্যৰ আৰক্ষী।

বিগত ৯ দিন ধৰি ৰেৱতী ফুকনৰ কোনো শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত  ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ ৰাজধানীৰ  পৰা এগৰাকী জ্যেষ্ঠ নাগৰিক তথা কৃতী খেলুৱৈ নিৰুদ্দেশ হৈ থকাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

দেওবাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰল প্ৰতিকৃতি দাহ কৰে।  সংগঠনটোৱে চৰকাৰে ফুকনৰ নিৰুদ্দেশৰ ঘটনাক গুৰুত্ব সহকাৰে নোলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। সংগঠনটোৰে সভাপতি যুগল বৰুৱাই বিগত ৯টা দিনে এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰাটো এখন চৰকাৰৰ বাবে লজ্জাৰ বিষয় বুলি অভিহিত কৰে।

ডিব্ৰুগড় জিলাৰ পানীতোলাত মটক যুৱ-ছাত্ৰ পৰিষদৰ শতাধিক নেতা-কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। সংগঠনটোৱে পানীতোলা বজাৰ বন্ধ কৰি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ইয়াক ৰাজনৈতিক অপহৰণ বুলি দাবী কৰিছিল। ‘’ দেউতা দুৰ্ঘটনাত পতিত হোৱা হ’লে গম পোৱা গ’লহেঁতেন। নিখোঁজ হ’লেও এই কেইদিনত আৰক্ষীয়ে কিবা ক্লু বিচাৰি পালেহেঁতেন। তেওঁক পৰিকল্পিতভাৱে অপহৰণ কৰা হৈছে,’’- সংবাদ মাধ্যমৰ আগত কৌশিক ফুকনে এনেদৰে কৈছিল।

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ ফুকনে শেহতীয়াকৈ চলোৱা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি পুত্ৰ কৌশিক ফুকনে সংবাদ মাধ্যমৰ আগত কৈছিল যে প্ৰস্তাৱিত আলোচনা প্ৰক্ৰিয়াৰ খচৰা প্ৰস্তুত কৰাৰ কামতো নিৰুদ্দিষ্ট ফুকন জড়িত আছিল। পৰেশ বৰুৱা আলোচনাত বহিলে কাৰোবাৰ স্বাৰ্থ বিঘ্নিত হ’ব পাৰে আৰু আলফাৰ নামত চলাই থকা ব্যৱসায়টো বন্ধ হৈ যাব পাৰে ভাবিয়েই সেই শক্তিয়ে দেউতাকক অপহৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰিছিল ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে।