NORTHEAST NOW (Assamese)
অসম

ধনদাবীৰ অভিযোগত ডিব্ৰুগড়ত ছয় ছাত্ৰনেতাক গ্ৰেপ্তাৰ

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী August 16, 2020 9:57 pm
One arrested for murder in Jorhat

ডিব্ৰুগড় আৰক্ষীয়ে এখন ব্যক্তিগত চিকিৎসালয়ত ধনদাবী আৰু মেনেজমেণ্টক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত শনিবাৰে ছগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিছে।

ছাত্ৰ নেতাকেইগৰাকী হৈছে— লাচিত সেনাৰ ডিব্ৰুগড় নগৰ সমিতিৰ সভাপতি জুবিন মেচ, সন্মিলিত অসমীয়া যুৱ শক্তি অসমৰ জিলা সম্পাদক দীপক দিহিঙীয়া, বীৰ লাচিত সেনাৰ জিতুল চেতিয়া, কল্যাণ সোণোৱাল আৰু টাই আহোম ছাত্ৰ সন্থাৰ লাহোৱাল আঞ্চলিকৰ দিজেন দত্ত আৰু সঞ্জীৱ দুৱৰা।

আৰক্ষীৰ মতে, ডামানিজ নাৰ্ছিং হ’ম কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত ছাত্ৰ নেতাকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

নাৰ্ছিং হ’ম কৰ্তৃপক্ষই অভিযোগ কৰিছিল যে সংগঠন আৰু সংবাদ মাধ্যমৰ ব্যক্তি বুলি পৰিচয় দি ২০-২৫গৰাকী অচিনাক্ত ব্যক্তিয়ে তেওঁলোকৰ পৰা ১২ আগষ্টত ১০ লাখ টকা দাবী কৰিছিল।

তেওঁলোকে লগতে অভিযোগ কৰিছিল যে ১২ আগষ্টৰ সন্ধিয়া ৬ৰ পৰা ১০ বজালৈকে আৰু লগতে ১৩ আগষ্টত কিছুমান অচিনাক্ত ব্যক্তিয়ে অবৈধভাৱে তেওঁলোকৰ ব্যক্তিগত চৌহদত প্ৰৱেশ কৰিছিল, অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল আৰু নাৰ্ছিং হ’মৰ দুগৰাকী মহিলা কৰ্মচাৰীক আতিশৰ্য্য কৰিছিল।

অভিযোগকাৰীয়ে লোককেইজন থকা কিছুমান প্ৰমাণো যোগান ধৰিছিল।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেডকুৱাৰ্টাৰ) পদ্মনাভ বৰুৱাই কয়, “আমি ভাৰতীয় দণ্ড বিধিৰ 120(B)/ 448/188/384/387/294/269/270/509 আৰু দুৰ্য্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ 51(b) ধাৰাৰ অধীনত ১৩১০/২০২০নং এক গোচৰ পঞ্জীয়ন কৰিছো। আমি গোচৰটোৰ তদন্ত কৰি আছো আৰু গোচৰটো সন্দৰ্ভত আৰু অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।”