NORTHEAST NOW (Assamese)
প্ৰাসংগিক প্ৰশ্ন

হিমন্ত বিশ্ব শৰ্মা নাৰ্ভাছ হৈছে নেকি?

Posted by: পৰেশ মালাকাৰ, মুখ্য সম্পাদক Updated by: পৰেশ মালাকাৰ, মুখ্য সম্পাদক January 28, 2026 6:34 pm

অসমৰ মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনকচোন।শুনিলে? এতিয়া কওক, আমি এই বিষয়ে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত? এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে, মই  মোৰ মনলৈ অহা কথা এটা, অতি স্বাভাবিকভাৱে অহা কথা এটা কৈ থব বিচাৰিছোঁ।আজি এই মুহূৰ্তত দুগৰাকী প্ৰবীন ৰাজনীতিবিদৰ ওপৰত মই মোৰ অসন্তুষ্টি ৰাজহুৱা কৰিব বিচাৰিছোঁ। তেওঁলোক দুজন হল অসমৰ দুগৰাকী প্ৰাক্তন মুখ‍্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ ডাঙৰীয়া। এই দুগৰাকী ব‍্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাক আসৈ নিদিয়া হলে তেওঁ আজি যি দম্ভালি মাৰি আছে সেইটো কৰিব নোৱাৰিলেহেঁতেন। সি যি নহওক, হৈ যোৱা কথাটো নোহোৱা কৰিব নোৱাৰি। এতিয়া আহিছো মূল কথাটোলৈ।  কি প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই এইবোৰ বলকিছে? অসমৰ বিদেশী নাগৰিক সমস‍্যাটোৰ পটভূমিত। বিদেশী নাগৰিক বুলিলে আমি কাক বুজোঁ? যি সকল লোক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ আহিছিল সেই সকলক। জাতি, ধৰ্ম নিৰ্বিশেষে। হিমন্ত বিশ্বই যি সকলক মিঞা, মিঞা বুলি কৈ দিনে ৰাতিয়ে অপমান কৰি আছে, তেওঁলোকৰ সকলো বিদেশী নহয়। যি সকল ১৯৭১ চনৰ পিছত অসমলৈ আহিছে সেই সকলহে বিদেশী। গতিকে হিমন্ত বিশ্বই সকলো মিঞাক তুচ্চ-তাচ্চিল‍্য আৰু অপমান কৰাৰ কোনো অধিকাৰ নাই। হিমন্তবিশ্ব কংগ্ৰেছত মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কৰি আছিল? তেওঁ যোৱা ১০ বছৰে বিজেপিত মন্ত্ৰী আৰু মুখ‍্যমন্ত্ৰী হৈ থাকোঁতে কি কৰি আছিল? আইন মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশী সকলক অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব‍্যৱস্থা কিয় নকৰিলে? তেওঁৰ চৰকাৰে কা আইনৰ যোগেদি বিদেশী অনাৰ বাট মোকলাই নিদিলেনে ?

হিমন্তবিশ্ব শৰ্মাই কোৱা এই কথাবোৰ আইনসিদ্ধ হয়নে? মই এই প্ৰাসংগিক প্ৰশ্নৰ মঞ্চৰ পৰা অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ মুখ‍্য ন‍্যায়াধীশলৈ প্ৰশ্ন কৰিছোঁ- আপোনালোকে অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মিঞাৰ বিৰুদ্ধে কোৱা এই বিদ্বেষ আৰু উচতনিমূলক কথাবোৰ আইনসিদ্ধ বুলি ভাবেনে? যদি নাভাবে, তেওঁৰ বিৰুদ্ধে ব‍্যৱস্থা নলয় কিয়? কি আইনৰ চকুত সকলো সমান নহয় নেকি? আৰু ভাৰতৰ নিৰ্বাচনী আয়োগ? অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাজহুৱাকৈ কোৱা, ঘোষণা কৰা এই কথাবোৰ কি? এই কথাবোৰ আপোনালোকে শুনিছে নে নাই শুনা? আমাৰ দেশৰ সংবিধান সংশোধন কৰি সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা “ভাৰতীয় সংবিধানে দেশখনক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ় দিয়াৰ লগতে সকলো নাগৰিকৰ বাবে সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক ন্যায়, চিন্তা-মতপ্ৰকাশ-বিশ্বাস- উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা, আৰু ভাতৃত্ববোধ (ব্যক্তিৰ মৰ্যাদা আৰু ৰাষ্ট্ৰীয় ঐক্য-অখণ্ডতা) নিশ্চিত কৰাৰ মহান আদৰ্শ প্ৰকাশ কৰে। এই কথাখিনি আমাৰ সংবিধানৰ পৰা কেতিয়া আঁতৰাই দিয়া হল? এতিয়ালৈকেতো দিয়া হোৱা নাই। তেন্তে হিমন্ত বিশ্বই মুখ‍্যমন্ত্ৰী হৈ এনে কথা কেনেকৈ কব পাৰে? হিমন্তবিশ্ব শৰ্মাই কৈছে যে তেওঁ ডি চি সকলক মিঞাৰ বিৰুদ্ধে ব‍্যৱস্থা লবলৈ নিৰ্দ্দেশ দিছে। অসমত এজনো ডি চি নোলালনে হিমন্তবিশ্বক উভতি ধৰিবলৈ যে -“মুখ‍্যমন্ত্ৰী মহোদয় আপুনি দিয়া নিৰ্দ্দেশ বিধিসন্মত নহয়, আইন সিদ্ধ নহয়, ক্ষমা কৰিব আমি আপোনাৰ নিৰ্দ্দেশ মানিব নোৱাৰিম।এজনো, এজনো নোলালনে তেনেকৈ কবলৈ? হায় সময়? আইনৰ ৰক্ষকে যেতিয়া ভক্ষক হয়,  দেখ দেখকৈ আইন অমান‍্য কৰে? তাতকৈ আৰু গৰ্হিত কথা কি থাকিব পাৰেনে? মই ভাৰতীয় জনতা পাৰ্টিৰ বিবেচনা থকা লোক সকলকো প্ৰশ্ন কৰিছোঁ- আপোনালোকেই কওকচোন? আপোনালোকে হিমন্ত বিশ্বৰ এই কথাবোৰ সমৰ্থন কৰে নে?

এইবাৰ মই মিঞা সকলক উদ্দেশ‍্য কৰি কৈছোঁ- হিমন্তবিশ্বই এই কথা বোৰৰ যোগেদি আপোনালোকৰ সকলোকে অপমান কৰিছেনে নাই কৰা? আপোনালোক হিমন্ত বিশ্বতকৈ কোনো গুণে কম ভাৰতীয় নহয়। অসমখন হিমন্ত বিশ্ব শৰ্মাই কিনি লোৱা নাই। ইয়াত আমাৰ সকলোৰে সমান অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাতকৈ আমাৰ সকলোৰে মৰ্যাদা অলপ হলেও ওপৰত। গতিকে হিমন্তবিশ্ব শৰ্মাৰ এই অপমানৰ প্ৰত্যুত্তৰ আপোনালোকে কি ধকণে দিব? মই ভাবোঁ আপোনালোকে দুই ধৰণে ইয়াৰ জবাব দিয়া উচিতঃ (এক) হিমন্তবিশ্ব শৰ্মাক আপোনালোকে আইনৰ কাঠগৰাত থিয় কৰোৱা উচিত আৰু (দুই) আপোনালোকে চিন্তা কৰক আগন্তুক নিৰ্বাচনত হিমন্তবিশ্বৰ এই অপমানৰ আপোনালোকে কেনেকৈ পোতক লব? কিন্তু কোনো কাৰণতে আপোনালোক উত্তেজিত নহব। আপোনালোকক প্ৰাকে-প্ৰকাৰে উত্তেজিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই এই উচতনিমূলক কথা বোৰ কৈ আছে। আপোনালোক যদি তেওঁৰ কথাত উত্তেজিত হৈ পৰিস্থিতি গৰম কৰি তোলে তাৰ দ্বাৰা আটাইতকৈ বেছি উপকৃত হব হিমন্ত বিশ্ব শৰ্মা নিজে। গতিকে প্ৰত‍্যুত্তৰ আপোনালোকে দিব, জবাব আপোনালোকে দিব কিন্তু শান্ত, সমাহিতভাৱে।সেই জবাব ৰাজপথত নহয়। সেই জবাব আইনী জবাব। সেই জবাব ভোটৰ জবাব। সেই জবাব ৰাজনৈতিক জবাব।শেষত মই হিমন্ত বিশ্বৰ শৰ্মাই কোৱা কথা বোৰৰ জেৰ টানি এটা সিদ্ধান্তলৈ আহিছোঁ। সেইটো কি জানেনে? হিমন্তবিশ্ব শৰ্মাই অৰুণোদয় দিছে, হেন দিছে তেন দিছে, অমুক কৰিছে, ভচুক কৰিছে, দিনে ৰাতিয়ে কেৱল উন্নয়নেই কৰিছে। যদি ইমানেই দিছে, যদি ইমানেই উন্নয়ন কৰিছে তেন্তে কেৱল হিন্দু ভোটৰ ভৰসাতে তেওঁ  কিয় এইবোৰ বকি মৰিছে? নে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হিমন্ত বিশ্ব নাৰ্ভাছ হৈছে? মিঞা আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বাহিৰে তেওঁৰ আৰু কোনো ইচু নোহোৱা হ’ল নেকি? ৰাইজে তেওঁৰ কথাত পাত্তা নিদিয়া কাৰণে তেওঁৰ  চটফটনি বেছি হৈছে নেকি?