NORTHEAST NOW (Assamese)
অসম

নগাঁও জিলাত উলহ-মালহেৰে পালন শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ

Posted by: মিণ্টু দাস September 3, 2018 7:59 pm
cb39e9e6-c389-4818-8eb0-55af287ddb17

সমগ্ৰ দেশৰ লগতে আজি নগাঁৱতো উলহ-মালহেৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে আজিৰ দিনটো সমগ্ৰ নগাওঁ চহৰ মুখৰিত হৈ পৰে কৃষ্ণ বন্দনাৰে। নগাঁৱৰ বিভিন্ন মন্দিৰ নামঘৰৰ লগতে অনুষ্ঠান, প্ৰতিষ্ঠানেও বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰিছে জন্মাষ্টমী।

উল্লেখযোগ্য যে বিশ্ব হিন্দু পৰিষদৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাঁৱত সংগঠনটোৱে বিস্তৃত কাৰ্যসূচীৰে পালন কৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। পুৱা শিশু সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি নগাঁৱৰ শনি মন্দিৰৰ পৰা এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰে।

আনহাতে, নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়তো উলহ-মালহেৰে শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰে। ইয়াৰ উপৰি নগাঁও প্ৰেছ ক্লাবেও পালন কৰে জন্মাষ্টমী।

78b77ccc-8bec-49da-97d6-e60c45c46b87
জন্মাষ্টমী উপলক্ষে নগাঁও প্ৰেছ ক্লাবত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো: নৰ্থ-ইষ্ট নাও

নগাঁও প্ৰেছ ক্লাবত জন্মাষ্টমী উপলক্ষে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত হৈ ভগৱানৰ আশিস লোৱাৰ লগতে দেশৰ সমূহ জনসাধাৰণৰ মংগল কামনা কৰে।

আনহাতে জিলাখনৰ শেনচোৱা, বেবেজীয়া, জাজৰি, ধিং, বটদ্ৰবা, ৰাইদঙীয়া, ৰূপহী, জুৰীয়া, পুৰণিগুদাম, পাঠৰী, ঘাঁ‌হী, মহমৰিয়া, দক্ষিণপাট, ননৈ আদি অঞ্চলৰ প্ৰতিটো নামঘৰত উলহ-মালহৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে।