NORTHEAST NOW (Assamese)
অসম

নামৰূপৰ বিভিপিএলৰ প্ৰশাসনিক ভৱনত স্বচ্ছতা পাখৱাড়া আৰম্ভ

Posted by: অক্ষয় প্ৰণব কলিতা September 3, 2018 8:27 pm
IMG-20180903-WA0148

ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ উদ্যোগত নামৰূপৰ বিভিপিএলত আৰম্ভ হৈছে স্বচ্ছতা পাখৱাড়া অৰ্থাৎ স্বচ্ছতা পষেক। বিভিপিএলৰ প্ৰশাসনিক ভৱনত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) শ্যাম দেউ সিঙৰ উপস্থিত এটা শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই শপত লোৱা হয় যে বিভিপিএলৰ সকলোকেইটা কাৰমখানা আৰু বিভাগতে স্বচ্ছতা বজাই ৰখা হ’ব। এই উপলক্ষে এটা বিভিপিএলৰ দৈনিক বজাৰ চৌহদত এটা সজাগতামূলক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীসকলে দৈনন্দিন জীৱনত স্বচ্ছতা বজাই ৰখাৰ বাবে জনসাধাৰণলৈ আহ্বান জনায়।

বিভিপিএলৰ অধীনত এই স্বচ্ছতা অভিযানৰ প্ৰতিষ্ঠানটোৱে ডাষ্টবিন যোগান ধৰা, স্বচ্ছতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বেনাৰ, চাইনবোৰ্ড, শ্লোগান দিয়া, কাৰখানা, কাৰ্যালয় আৰু আন আন ঠাইত স্বচ্ছতা সম্পৰ্কে সজাগ কৰোৱাৰ অভিযান চলোৱা ইত্যাদি আছে।

এই স্বচ্ছতা পাখৱাৰা সপ্তাহ ছেপ্টাম্বৰৰ ১৫ তাৰিখলৈ চলি থাকিব।