NORTHEAST NOW (Assamese)

অইল ইণ্ডিয়া লিমিটেডে ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈক প্ৰদান কৰিলে ক্ৰীড়া জলপানি

March 22, 2018 8:48 am · এন ই নাও নিউজ

অসমৰ প্ৰতিভাসম্পন্ন খেলুৱৈক কিছু আৰ্থিক সাহাৰ্য কৰাৰ উদ্দেশ্যে মঙলবাৰে অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰে ক্ৰীড়া জলপানি। কালি গুৱাহাটীৰ অসম অলিম্পিকৰ সন্থাৰ সভাগৃহত আয়োজিত এক আকৰ্ষণীয় অনুষ্ঠানৰ মাজেৰে অইল ইণ্ডিয়া লিমিটেডৰ হৈ মুখ্য পৰিচালন সঞ্চালক উৎপল বৰাই খেলুৱৈসকলক এই ক্ৰীড়া জলপানি প্ৰদান কৰে।

চলিত বৰ্ষত অইল ইণ্ডিয়াই প্ৰতিভাসম্পন্ন টেবুল টেনিছ খেলুৱৈ তৃষা গগৈ আৰু অগ্নিভ ভাস্কৰ গোহাঁইক ক্ৰীড়া জলপানি প্ৰদান কৰাৰ লগতে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰ ৰিয়ান পৰাগক চুক্তিবদ্ধ খেলুৱৈ ৰূপে গ্ৰহণ কৰিছে।

আনহতে বেডমিণ্টন খেলুৱৈ স্বৰ্ণৰাজ বৰা, ক্ৰিকেটাৰ মুখতাৰ হুছেইনৰ লগতে কলকাতাৰ প্ৰতিভাসম্পন্ন টেবুল টেনিছ খেলুৱৈ সুতীৰ্থা মুখাৰ্জীকো চুক্তিবদ্ধ খেলুৱৈ ৰূপে গ্ৰহণ কৰে অইল ইণ্ডিয়া লিমিটেডে।

অসম টেবুল টেনিছ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই আঁত ধৰা অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ মহাপ্ৰবন্ধক বি কে মিশ্ৰ, ক্ৰীড়া বিভাগৰ মহাপ্ৰবন্ধক তথা পি এছ পি বিৰ সমন্বয়ৰক্ষী বিষয়া ৰাজীৱ বৰুৱা, প্ৰশাসনীয় বিভাগৰ মুৰব্বী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়ন অৰুণজ্যোতি বৰুৱা, গৌতম হাজৰিকা আৰু এমপ্লয়িজ য়ুনিয়নৰ সভাপতি যাদৱ কলিতায়ো নিজৰ মনৰ ভাব প্ৰকাশ কৰে।

Related News