NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টৰ কমনৱেলথ গেমছত স্বৰ্ণ জয় মেৰীকমৰ

April 14, 2018 9:30 am · এন ই নাও নিউজ
বক্সাৰ মেৰী কমৰ ফাইল ফটো

পাঁচবাৰৰ  বিশ্ব চেম্পিয়ন মণিপুৰৰ বক্সাৰ মেৰীকমে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছ ২০১৮’ত শনিবাৰে ৰাতিপুৱা মহিলাৰ ৪৫-৪৮ কি:গ্ৰা: শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছে।

মেৰীকমে তেওঁৰ এই স্বৰ্ণ জয়ৰ যুঁজত তিনিটা ৰাউণ্ডৰ পিছত পৰাজিত কৰে নৰ্দাৰ্ন  আয়াৰলেণ্ডৰ ক্ৰিষ্টিনা অ’ হাৰাক। মেৰীকমৰ এয়া  কমনৱেলথ গেমছত প্ৰথমটো স্বৰ্ণ পদক আৰু তেওঁ প্ৰথমবাৰৰ বাবে এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

মেৰীকমৰ এই স্বৰ্ণ পদকটোৰ সৈতে ভাৰতৰ পদকৰ তালিকা ৪৩ টালৈ বৃদ্ধি পালে।

স্বৰ্ণ জয়ৰ পথত তেওঁ প্ৰতিপক্ষ নৰ্দাৰ্ন  আয়াৰলেণ্ডৰ প্ৰতিযোগীগৰাকীক ৫-০ ব্যৱধানত পৰাজিত কৰে।

পাঁচগৰাকী বিচাৰকে তেওঁলোকৰ ৰায় ৩০-২৭, ৩০-২৭, ২৯-২৮, ৩০-২৭, ২০-২৭ হিচাপে তেওঁৰ সপক্ষে দিয়াৰ পিছত ৩৫ বছৰীয়া মেৰীকম বিজয়ী ঘোষিত হয়।

২২ বছৰ বয়সীয়া প্ৰতিপক্ষৰ খেলুৱৈগৰাকীয়ে তিনিওটা ৰাউণ্ডতে মেৰীকমৰ অভিজ্ঞতাৰ আগত প্ৰত্যাক্ৰমণৰ কৌশল প্ৰয়োগত ব্যৰ্থ হৈ পৰে। মেৰীকমে সম্ভাৱ্য সকলো ৰণ-কৌশল প্ৰয়োগ কৰি ক্ৰিষ্টিনাক পৰাভূত কৰে।

অৱশ্যে, চূড়ান্ত ৰাউণ্ডৰ যুঁজত অ’ হাৰাই প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল যদিও সি বিচাৰকক প্ৰভাৱিত কৰিবলৈ যথেষ্ট নাছিল।

ৰিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত প্ৰায় পাঁচ মাহ আগতে ভিয়েটনামত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনেৰে দৃষ্টিনন্দনভাৱে ৰিঙলৈ প্ৰত্যাৱৰ্তন কৰিছিল।

ইয়াৰ তিনি মাহ  পিছতে আকৌ মেৰীকমে ইণ্ডিয়া অ’পেন বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ লাভ কৰিছিল।

Related News