NORTHEAST NOW (Assamese)

অসমত চলি থকা পথনিৰ্মাণত ‘অনিয়ম আৰু নিম্নমানৰ কাম’ৰ অভিযোগ ‘অতি গুৰুতৰ’ : স্বীকাৰ গড়কাপ্তানি মন্ত্ৰীৰ

February 13, 2018 10:19 pm · এন ই নাও নিউজ

অসমৰ বিভিন্ন ঠাইত চলি থকা পথসমূহৰ নিৰ্মাণত অনিয়ম আৰু নিম্ন মানৰ কাম হোৱা বুলি উঠা অভিযোগ সম্পৰ্কে তদন্ত কৰি তিনিদিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শূক্লবৈদ্যই।

গড়কাপ্তানি (পথ নিৰ্মাণ) বিভাগৰ আয়ুক্ত তথা বিশেষ সচিবলৈ আজি দিয়া নিৰ্দেশত মন্ত্ৰীগৰাকীয়ে অভিযোগসমূহক ‘অতি গুৰুতৰ’ আৰু এই সন্দৰ্ভত ‘তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন’ বুলি স্বীকাৰ কৰিছে।

গড়কাপ্তানি মন্ত্ৰীৰ পত্ৰ

‘সমগ্ৰ বিষয়টো বিভাগৰ জ্যেষ্ঠ বিষয়াৰদ্বাৰা তদন্ত কৰোৱাই তিনি দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবৰ’ বাবে আয়ুক্তগৰাকীক নিৰ্দেশ দিয়া হৈছে।

‘প্ৰতিবেদনৰ সৈতে নিম্ন মানৰ কাম/ অনিয়মৰ বাবে দায়ী সংশ্লিষ্ট অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে লোৱা ব্যৱস্থা সম্পৰ্কেও প্ৰতিবেদনৰ সৈতে’ মন্ত্ৰীগৰাকীক ‘জনাব পাৰিব’ বুলি নিৰ্দেশটোত উল্লেখ আছে।

‘যোৱা কিছুদিন ধৰি অসমৰ ইলে’ক্ট্ৰনিক সংবাদ মাধ্যমত বিভিন্ন ঠাইত চলি থকা পথসমূহৰ নিৰ্মাণত অনিয়ম হোৱা বুলি প্ৰচাৰিত খবৰ’ মন্ত্ৰীগৰাকীৰ ‘দৃষ্টিগোচৰ’ হৈছে বুলি নিৰ্দেশটোত উল্লেখ আছে।

Related News