NORTHEAST NOW (Assamese)

অসম ক্ৰিকেটৰ আন এটা ভাল খবৰ : ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত ঢকুৱাখানাৰ মনীষা দাস

March 11, 2018 7:11 pm · এন ই নাও নিউজ

কিছু দিনৰ পূৰ্বে অসম সন্তান ৰিয়ান পৰাগে ১৯ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত হৈ ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই অনাৰ পিছতে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ অসম জীয়ৰী তথা এন এফ ৰে’লৱেৰ কৰ্মচাৰী মনীষা দাস নিৰ্বাচিত হোৱা সু-খবৰে ৰাজ্যখনলৈ তথা অসক ক্ৰিকেটলৈ আন এটা সুনাম কঢ়িয়াই আনিছে।

ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত হোৱা মনীষা দাস লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ নিৱাসী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে লখিমপুৰৰ জীয়ৰী মনীষাই ১৯ আৰু ২০ মাৰ্চত মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব।

ষষ্ঠ-সপ্তম শ্ৰেণীৰ পৰাই ক্ৰিকেটৰ প্ৰতি ধাউতি থকা মনীষাই ২০০৭ চনৰ পৰাই প্ৰথমে জিলা ভিত্তিক আৰু পিছলৈ ৰাজ্যিক ভিত্তিত খেল খেলি আহিছে বুলি জানিব পৰা গৈছে। আনহাতে মনীষাই ক্ৰিকেটৰ লগতে আনুষ্ঠানিক শিক্ষাও সমানে আগবঢ়াই নিছিল।

আনাহতে ২০১৪ চনৰ ১৫ জুলাইত ৰে’লৱে চাকৰিত মনীষাই যোগদান কৰিছিল যদিও সমানে ক্ৰিকেটৰ অনুশীলনো আগবঢ়াই নিছিল।

ৰাজ্যবাসীয়ে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত হোৱা মনীষাই ইংলেণ্ডৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুৱাই ৰাজ্যখনৰ লগতে দেশখনলৈও সু-নাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে।

 

Related News