NORTHEAST NOW (Assamese)

অসম গাঁওৰক্ষী বাহিনীৰ মাননি ২,৫০০ টকালৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে

January 29, 2018 10:26 pm · এন ই নাও নিউজ
Updated: January 29, 2018 10:27 pm
গাঁওৰক্ষী বাহিনীৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

সোমবাৰে দুলীয়াজানৰ বিহুতলিত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৬৯ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে কয় যে বহু সীমিত সুবিধাৰ মাজেৰে সেৱা আগবঢ়াই অহা গাঁওৰক্ষী বাহিনীৰ লোকসকলকৰ মাননি বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়াৰে পৰা তেওঁলোকে পূৰ্বতে লাভ কৰি অহা ১,৫০০ টকাৰ ঠাইত ২,৫০০ টকাকৈ লাভ কৰিব।

ভাষণৰ মাজতে মুখ্য মন্ত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাতা প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতি  শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে এই মহান ব্যক্তি গৰাকীৰ প্ৰচেষ্টাতে গাওঁ সমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা হৈছিল।

তেওঁ কয় যে গ্ৰামাঞ্চলৰ ৰাইজক সকলো ক্ষেত্ৰতে সজাগ কৰাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।

আনহাতে আজিৰ ডিজিটেল যুগত আহি পৰা বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ গাঁওৰক্ষী বাহিনীৰ কৰ্ম-কৰ্তা সকলক আধুনিক ধ্যান-ধাৰণাৰে আগবঢ়াই নি দক্ষ আৰু যোগ্য কৰি তুলা হ’ব বুলিও সোণোৱালে লগতে উল্লেখ কৰে।

অসম গাঁওৰক্ষী সংগঠনৰ মুখ্য উপদেষ্টা অঞ্জন কুমাৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সাংসদ ৰামেশ্বৰ তেলী, বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাইয়েও ভাষণ দিয়ে।

উক্ত অনুষ্ঠানতে মূখ্য মন্ত্ৰীয়ে উগ্ৰপন্থীৰ গুলীত নিহত গাঁওৰক্ষী বাহিনীৰ সদস্য অন্তেশ্বৰ মহন্তৰ পৰিয়াললৈ মূখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে।

ইয়াৰ উপৰি তেওঁ শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনী আৰু শ্ৰেষ্ঠ চক্ৰ সংগঠককো পুৰস্কাৰ প্ৰদান কৰে।

Related News